
জম্মু-কাশ্মীৰৰ ডোডা (Doda of Jammu and Kashmir)ত সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদ হোৱা ভাৰতীয় জোৱান (Martyred Indian soldiers)কেইগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী (Rahul Gandhi pays tribute)য়ে। লগতে এই ঘটনাৰ বাবে বিজেপি চৰকাৰকো তীব্ৰ আক্ৰমণ (Bjp government also attacked) কৰে।
তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে , “জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত ভাৰতীয় জোৱানসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁলোকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।” ইয়াৰ পিছত তেওঁ বিজেপি চৰকাৰক আক্ৰমণ কৰে। তেওঁ লিখিছে, “বিগত কেইমাহমানৰ পৰা ভূস্বৰ্গৰ পৰিস্থিতি উত্তপ্ত হৈ আছে।

বিজেপিৰ ভুল ৰাজনীতিৰ বলি হৈছে ভাৰতীয় জোৱান। ভুল নীতি ব্যৱহাৰ কৰাৰ ফলত ভাৰতীয় সেনাৰ ক্ষতি হৈছে। প্ৰতিজন স্বাধীন ভাৰতীয়ৰ দাবী, এই ঘটনাৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে ল’ব লাগিব। নিৰাপত্তা ব্যৱস্থাৰ পতনৰ দায়িত্ব চৰকাৰে ল’ব লাগিব৷ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”
উল্লেখ্য, এই ঘটনাৰ পিছত ইতিমধ্যে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ সৈতে বাৰ্তালাপ কৰিছে। তেওঁ সমগ্ৰ ডোডাত কঠোৰ অভিযানৰ বিষয়ে অৱগত কৰে। ইয়াৰ পূৰ্বে কাঠুৱাত ৫ জন জোৱানৰ মৃত্যু হৈছিল। আনহাতে, বিগত ৩২ মাহত ৪৮ জন জোৱানৰ মৃত্যু হৈছে।











