
ৰাছিয়ালৈ ৰাওনা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (pM Modi)। পাঁচ বছৰৰ মূৰত দেশখন ভ্ৰমণলৈ গৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিব মোডীয়ে। আজি নিশা তেওঁৰ সৈতে নৈশভোজৰ ব্যৱস্থা কৰা হৈছে। মোডীয়ে ৰাছিয়াৰ পৰা অষ্ট্ৰিয়া ভ্ৰমণ কৰাৰ কথাও আছে।

এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে মোডীৰ এই দুদিনীয়া ভ্ৰমণৰ ওপৰত। উল্লেখ্য, ৪১ বছৰৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়াত ভৰি দিবলৈ ওলাইছে। অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেন আৰু চান্সেলৰ কাৰ্ল নেহমাৰক সাক্ষাৎ কৰিব মোডীয়ে।
দিল্লী বিমানবন্দৰৰ পৰা ৰাছিয়ালৈ ৰাওনা হয় মোডী। উৰা মৰাৰ পূৰ্বে এক বিবৃতিত তেওঁ লিখিছে, “মই ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৰাছিয়ালৈ ওলাইছোঁ। আগন্তুক তিনিদিনত মই অষ্ট্ৰিয়ালৈও যাম। দেশখনলৈ মোৰ প্ৰথম ভ্ৰমণ হ’ব। বন্ধু পুটিনৰ সৈতে বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা আৰু মত বিনিময় কৰিম। উদ্দেশ্য এটাই, শান্তিপূৰ্ণ সহাৱস্থান। ইয়াৰ বাহিৰেও এই ভ্ৰমণৰ সময়ত ৰাছিয়াত বসবাস কৰা ভাৰতীয়সকলক লগ পোৱাৰ সুযোগ পাম।”
আনহাতে, অষ্ট্ৰিয়া ভ্ৰমণ সন্দৰ্ভত এক বিবৃতিত মোডীয়ে লিখিছে, “অষ্ট্ৰিয়া আমাৰ নিৰ্ভৰযোগ্য অংশীদাৰ। আমি দুয়ো গণতন্ত্ৰ আৰু বহুত্ববাদৰ অংশীদাৰ। ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ আৰু চান্সেলৰ কাৰ্লক সাক্ষাতৰ সুযোগ পাম। বিগত ৪০ বছৰৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অষ্ট্ৰিয়া ভ্ৰমণ এয়া প্ৰথম হ’ব। আশাকৰোঁ নতুন ধাৰণাৰে আমি দ্বিপাক্ষিক সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব পাৰিম।”











