‘বৰ্ণভিটা’ৰ পিছত এইবাৰ প্ৰশ্নৰ সন্মুখীন হৈছে নেচলে কোম্পানীয়ে (Nestle cerelac sugar controvresy) প্ৰস্তুত কৰা শিশুৰ খাদ্য। অভিযোগ অনুসৰি, ভাৰতত নেচলেৰ দ্বাৰা প্ৰস্তুত কৰা শিশুখাদ্য চেৰেলেকত অত্যধিক পৰিমাণৰ চেনি থাকে। আনহাতে ব্ৰিটেইন, ছুইজাৰলেণ্ড, জাৰ্মানীত চেৰেলেকত কোনো ধৰণৰ চেনি নাথাকে। এই কথা দাবী কৰিছে ব্ৰিটিছ সংস্থা ‘পাব্লিক আই’ৰ এক প্ৰতিবেদনত। এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ লগে লগে ভাৰতত চাঞ্চল্যৰ সৃষ্টি হৈছে। কোম্পানীটোৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ওপৰত চকু ৰাখিছে বিভিন্ন মহলে। আনহাতে, কোম্পানীটোৱে জনোৱা মতে, বিগত পাঁচ বছৰত তেওঁলোকে চেৰেলেকৰ চেনিৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস কৰিছে।
প্ৰতিবেদনত দাবী কৰা হৈছে যে বিশ্বৰ বহু দেশত নেচলেয়ে বিক্ৰী কৰা শিশুৰ গাখীৰ আৰু খাদ্যত অধিক পৰিমাণৰ মৌ আৰু চেনি থাকে। এই খাদ্যসমূহ মেদবহুলতা আৰু অন্যান্য ৰোগ প্ৰতিৰোধৰ বাবে শিশুৰ পুষ্টি সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হোৱা নাই। প্ৰতিবেদনত দাবী কৰা হৈছে যে নেচলেয়ে এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দেশত কেৱল চেনি যোগ কৰা শিশুৰ খাদ্যহে বিক্ৰী কৰে। স্বাস্থ্য মন্ত্ৰালয়ৰ এক সূত্ৰই জনোৱা মতে, এই প্ৰতিবেদন বিজ্ঞানীৰ পেনেলৰ সন্মুখত দাখিল কৰা হ’ব।
কিন্তু নেচলে কোম্পানীৰ এগৰাকী মুখপাত্ৰই এক সংবাদ প্ৰতিষ্ঠানক জনাইছে যে বিগত পাঁচ বছৰত শিশুৰ খাদ্যত চেনিৰ পৰিমাণ ৩০ শতাংশ হ্ৰাস পাইছে। সেই সকলোবোৰ খাদ্যত চেনিৰ পৰিমাণ অহৰহ ‘পৰ্যালোচনা’ হৈ আছে। এক বিবৃতিত সংস্থাটোৱে লগতে কয়, “আমি শিশুৰ বাবে প্ৰস্তুত কৰা খাদ্যৰ পুষ্টিকৰ মূল্যত বিশ্বাস কৰোঁ। উচ্চমানৰ সামগ্ৰী ব্যৱহাৰৰ ওপৰতো জোৰ দিওঁ।”
প্ৰতিবেদন অনুসৰি, ভাৰতত ১৫ প্ৰকাৰৰ চেৰেলেক উপলব্ধ। শিশুক প্ৰতিটো চেৰেলেক পৰিবেশনত তিনি গ্ৰাম চেনি থাকে। জাৰ্মানী বা ব্ৰিটেইনৰ সেই একেটা উৎপাদনত চেনি যোগ কৰা হোৱা নাই। অধ্যয়নত দেখা গৈছে যে ইথিওপিয়া আৰু থাইলেণ্ডত একে পৰিমাণৰ খাদ্যত ছয় গ্ৰাম চেনি থাকে। প্ৰতিবেদনত এইটোও দাবী কৰা হৈছে যে নেচলে কোম্পানীয়ে তেওঁলোকৰ সামগ্ৰীত থকা ভিটামিন, খনিজ পদাৰ্থ, অন্যান্য উপাদানৰ কথা প্ৰকাশ কৰে যদিও যোগ কৰা চেনিৰ কথা প্ৰকাশ নকৰে।
উল্লেখযোগ্য যে ২০২২ চনত নেচলে কোম্পানীয়ে ভাৰতত ২০ হাজাৰ কোটিৰ চেৰেলেক বিক্ৰী কৰিছে। বিশেষজ্ঞসকলে কয় যে শিশুৰ খাদ্যত অতিৰিক্ত চেনিয়ে নিচাৰ দৰে কাম কৰিব পাৰে। শিশুৰ বাবে ই ক্ষতিকাৰক। ইয়াৰ বাহিৰেও ল’ৰা-ছোৱালীৰ শৰীৰত ইয়াৰ কোনো প্ৰয়োজন নাই। ইয়াৰ পৰা বয়স বৃদ্ধি হ’লে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।