আজি সমগ্র দেশৰ ২১ খন ৰাজ্যত অনুষ্ঠিত হৈছে লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। এই নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi) বিজেপি নেতৃত্বাধীন এনডিএৰ সকলো প্ৰাৰ্থীলৈ এখন পত্ৰ প্ৰেৰণ কৰে। লগতে মোডীয়ে ব্যক্তিগতভাৱে বিজেপি আৰু মিত্ৰ দলসমূহৰ প্ৰাৰ্থীসকলক তেওঁলোকৰ সমষ্টিৰ ভোটাৰসকলৰ মাজত তেওঁৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰে।
প্ৰধানমন্ত্ৰীয়ে নিজৰ দল আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীলৈ হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে এই পত্ৰ লিখিছে। তামিলনাডু বিজেপিৰ সভাপতি তথা কইম্বাটুৰ দলৰ প্ৰাৰ্থী কে আন্নামলাইৰ পৰা নীলগিৰি লোকসভাৰ গেৰুৱা দলৰ প্ৰাৰ্থী এল মুৰুগানে ইংৰাজীত লিখা পত্ৰ লাভ কৰিছে। আনহাতে, উত্তৰাখণ্ডৰ গড়ৱাল লোকসভাৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ সৰ্বভাৰতীয় মুখপাত্ৰ অনিল বালুনী বা ৰাজস্থানৰ আলৱাৰৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে হিন্দীত লিখা পত্ৰ লাভ কৰিছে।
উল্লেখযোগ্য যে ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত শুকুৰবাৰে ১৭খন ৰাজ্য আৰু চাৰিখন কেন্দ্ৰীয় শাসিত অঞ্চলত ১০২খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছে।
আনহাতে, লোকসভাৰ উপৰি অৰুণাচল প্ৰদেশৰ আটাইকেইটা বিধানসভা সমষ্টি আৰু ছিকিমৰ ৩২টা বিধানসভা সমষ্টিত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।
ইফালে শুকুৰবাৰে প্ৰথম পৰ্যায়ত অসমত পাঁচখন, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ৰ দুখনকৈ আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আনহাতে, ছত্তীশগড়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ, জম্মু-কাশ্মীৰ, লক্ষদ্বীপ আৰু পুডুচেৰীত এখনকৈ আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। মন কৰিবলগীয়া যে মণিপুৰত দুটা লোকসভা সমষ্টি আছে। আউটাৰ মণিপুৰ আৰু ইনাৰ মণিপুৰ। কিন্তু নিৰ্বাচন আয়োগে আউটাৰ মণিপুৰক দুটা ভাগত বিভক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
শুকুৰবাৰে আউটাৰ মণিপুৰৰ চুৰাচান্দপুৰ আৰু চাণ্ডেল জিলাৰ ১৫টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। বাকী ১৩টাত দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
ইয়াৰ উপৰি শুকুৰবাৰে বিহাৰৰ চাৰিটা, উত্তৰাখণ্ডৰ ৫টা, মহাৰাষ্ট্ৰৰ ৬টা, উত্তৰ প্ৰদেশৰ ৮টা আৰু ৰাজস্থানৰ ১২টা সমষ্টিত শুকুৰবাৰে নিৰ্বাচন অনুষ্ঠিত হৈছে।অৱশ্যে এইবাৰ সৰ্বাধিক নিৰ্বাচন অনুষ্ঠিত হৈছে তামিলনাডুত। দক্ষিণ ভাৰতৰ ৰাজ্যখনৰ ৩৯টা লোকসভা সমষ্টিৰ আটাইকেইখনেই প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে।