অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আইপিএলৰ (IPL 2024) ১৭ সংখ্যক সংস্কৰণ। সমগ্ৰ প্ৰতিযোগিতাখন ভাৰততে অনুষ্ঠিত হ’ব। মঙলবাৰে এই কথা জনায় আইপিএলৰ অধ্যক্ষ অৰুণ ধুমলে। অৰ্থাৎ এই কোটিপতি লীগখনলৈ মাজত মাত্ৰ এমাহ বাকী।
অৱশ্যে ইয়াৰ সময়সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই। নিৰ্বাচনৰ তাৰিখলৈ অপেক্ষা কৰা হৈছে। চর্চা চলিছিল যে আইপিএলৰ এটা খণ্ড হয়তো বিদেশৰ মাটিলৈ স্থানান্তৰিত হ’ব পাৰে। কিন্তু অৰুণ ধুমলে সেই সম্ভাৱনা নুই কৰে। আইপিএলৰ অধ্যক্ষই অৱগত কৰে যে নিৰ্বাচন অনুষ্ঠিত হ’লেও সমগ্ৰ প্ৰতিযোগিতাখন ভাৰততে অনুষ্ঠিত হ’ব।
অৱশ্যে শীঘ্ৰে ঘোষণা কৰা হ’ব প্ৰতিযোগিতাখনৰ সূচী। প্ৰথম দহ দিনৰ খেলৰ সময়সূচী আগতীয়াকৈ ঘোষণা কৰা হ’ব। অৰুণ ধুমলে কয়, “২২ মাৰ্চৰ পৰা আইপিএল আৰম্ভ হ’ব পাৰে। আমি সমগ্ৰ আইপিএলৰ সূচী ঘোষণা কৰিব নিবিচাৰো। কাৰণ নিৰ্বাচনৰ তাৰিখ পিছত ঘোষণা হ’লে কিছুমান বিশেষ স্থানত নিৰাপত্তা প্ৰদান কৰাটো সম্ভৱ নহ’বও পাৰে।
শেষ মূহুৰ্তত সলনি কৰিবলৈ বহুত অসুবিধা হয়। আইপিএলৰ মেচ আয়োজনৰ বাবে প্ৰস্তুতি চলিছে। গতিকে প্ৰথম কেইখনমান মেচৰ সূচী ঘোষণা কৰা হ’ব। আমি আইপিএলৰ সম্পূৰ্ণ সূচী নিৰ্বাচনৰ তাৰিখ জনাৰ পিছতহে ঘোষণা কৰিম।”
উল্লেখযোগ্য যে মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ’ব লোকসভা নিৰ্বাচনৰ তাৰিখ। সেয়ে সম্পূৰ্ণ সূচীৰ বাবে নিৰ্বাচনৰ তাৰিখলৈ অপেক্ষা কৰি থকা হৈছে।