ASSAM TIMES POST,নতুন দিল্লী: ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে সোমবাৰে দিনৰ ২ বাজি ৪৩ মিনিটত দ্বিতীয়টো চন্দ্ৰ অভিযান চন্দ্ৰযান-২ সফলতাৰে নিক্ষেপ কৰে। শ্ৰীহৰিকোটাৰপৰা জিএছএলভি-Mk0III-M1 ৰকেটটোৱে চন্দ্ৰযান-২ক মহাকাশলৈ লৈ যায়। পূৰ্বে ১৫ জুলাইতে চন্দ্ৰযান-২ক উৎক্ষেপণ কৰাৰ কথা আছিল যদিও ইয়াৰ ৫৬ মিনিট পূৰ্বে কাৰিকৰী বিজুতি ধৰা পৰাত স্থগিত ৰখা হৈছিল। তলত সমগ্ৰ অভিযানটোৰ কেতবোৰ তথ্য উল্লেখ কৰা হ’লঃ
কোন স্থানৰপৰা চন্দ্ৰযান-২ উৎক্ষেপণ কৰা হয়ঃ চেন্নাইৰপৰা ১০০ কিমি দূৰত্বত অৱস্থিত শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ ২য় লঞ্চপেডৰপৰা।
চন্দ্ৰযান-২ৰ ব্যয়ঃ ৯৭৮ কোটি টকা
সোমবাৰে উৎক্ষেপণৰ বাবে কাউন্টডাউন কেতিয়া আৰম্ভ হৈছিলঃ দেওবাৰে সন্ধিয়া ৬ বাজি ৪৩ মিনিটৰপৰা (২০ ঘন্টীয়া)
ক’ত অৱতৰণ কৰিব চন্দ্ৰযান-২ৰ লেণ্ডাৰেঃ চন্দ্ৰৰ দক্ষিণ মেৰুত
চন্দ্ৰযান-২ৰ লেণ্ডাৰৰ নাম কিঃ বিক্ৰম
কেতিয়া অৱতৰণ কৰিবঃ সোমবাৰৰপৰা ৪৮ দিন পিছত (৭ ছেপ্টেম্বৰ)
চন্দ্ৰপৃষ্ঠ পাবলৈ চন্দ্ৰযান-২য়ে কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিবঃ প্ৰায় ৩লাখ ৮৪হাজাৰ কিল’মিটাৰ
চন্দ্ৰপৃষ্ঠৰ নমুনা সংগ্ৰহ কৰিবলগীয়া ৰ’ভাৰখনৰ নাম কিঃ প্ৰজ্ঞান (এখন ৬চকীয়া ৰবটচালিত বাহন)
ভাৰতীয় মহাকাশ কাৰ্যক্ৰমৰ পিতৃ ডঃ বিক্ৰম এ সাৰাভাইৰ স্মৃতিত চন্দ্ৰযান-২ৰ লেণ্ডাৰৰ নাম বিক্ৰম ৰখা হৈছে।