ASSAM TIMES POST
ডিব্ৰুগড়ঃ ইংৰাজী নতুন বছৰৰ পহিলা দিনটোতে ডিব্ৰুগড়ত সংঘটিত হল জঘন্য ঘটনা।ডিব্ৰুগড়ৰ ডিকম নাদুৱা চাহ বাগিচাত এগৰাকী কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ কৰে এক নৰাধমে।জানিব পৰা মতে এক জানুৱাৰী দিনা নাদুৱা জলকীয়া লাইনৰ নিবাসী কিশোৰীগৰাকীয়ে নাদুৱা গ্ৰান্টলৈ লগৰীয়াৰ ওচৰলৈ আহিছিল।
কিশোৰগৰাকী সন্ধিয়া ঘৰলৈ অকলশৰে ঘূৰি যোৱা পথত স্থানীয় যুৱক দীপক উৰাঙে পথৰ পৰা টানি নি মুখত সোপা দি পথাৰৰ মাজত উপৰ্যুপৰি ধৰ্ষণ কৰে। কিশোৰীগৰাকীয়ে চিঞৰিব বিছাৰিছিল যদিও মুখত হাত ভৰাই সোপা দিয়াৰ বাবে সম্ভব হোৱা নাছিল।অভিযুক্ত ধৰ্ষণকাৰী দীপক উৰাঙক ডিকম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
পিতৃ-মাতৃহীন কিশোৰী গৰাকীক অসহায় অৱস্থাৰ সুযোগ গ্ৰহণ কৰি সন্ধিয়া এই জঘন্য কাণ্ড সংঘটিত কৰে দীপক উৰাঙে। পাছত কিশোৰী গৰাকীৰ ককাইয়েকে নিজ ভগ্নীক পথাৰত বস্ত্ৰহীন অৱস্থাত উদ্ধাৰ কৰে।নতুন বছৰৰ দিনটোতে মুখ্যমন্ত্ৰী সোনোৱালৰ গৃহ জিলাত এই বিভৎস্য কাণ্ডই পুনৰ উদঙাই দিলে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত কিমান সফল এইখন চৰকাৰ।
চাবুৱা থানাই ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৬ ধাৰাৰ অধীনৰ ০৬/২০২০ নম্বৰত গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।আটছাকে ধৰি অনান্য নাৰী সংগঠনে এই জঘন্য ধৰ্ষণ কাৰ্যত জড়িত দিপক ওৰাঙক কঠোৰ শাস্তিৰ দাবী জনাইছে।ডিকমৰ নাদুৱা চাহ বাগিচাত সংঘটিত উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।