
মঙলবাৰে ডিফুত (In Diphu) চৰকাৰী মহাবিদ্যালয় পথ সুৰক্ষা মাহ (Government College Road Safety Month) উপলক্ষে এখনি সজাগতা সভা (Awareness Meeting) অনুষ্ঠিত হৈ যায়৷ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাখনত পথ সুৰক্ষাৰ পঞ্চ সূত্ৰৰ ওপৰত বিশিষ্ট বক্তা সকলে বিস্তৃতভাবে আলোচনা কৰে৷ বিশেষকৈ যান-বাহন আইন উলংঘন কৰিলে কেনে ধৰণৰ বিষম পৰিস্থিতিৰ সন্মূখীন হবলগীয়া হয় তাৰ ওপৰত জিলাখনৰ জনপ্ৰিয় অভিনেতা ৰাজীৱ ক্ৰই তেওঁৰ খুহুতীয়া ভাষণেৰে উপস্থিত ছাত্ৰ-ছাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি পথ সুৰক্ষাৰ সজাগতা সৃষ্টি কৰে।

সভাখনত মহকুমাধিপতি হোমেন গোঁহাই বৰুৱা, জিলা পৰিবহন বিষয়া ৰাজীৱ পেগু, ডিফু চৰকাৰী মহা বিদ্যালয়ৰ অধ্যক্ষ বাৰ্ণাৰ্ড ৰংফাৰ, ডিফু থানাৰ অচি জে এচ খবুঙ আৰু গণ্যমান্য ব্যক্তিৰ লগতে মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷












