১১ মাহ পূৰ্বে অনুষ্ঠিত ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৬০খন আসনৰ ভিতৰত এখনো আসন লাভ কৰিব পৰা নাছিল কংগ্ৰেছে। কিন্তু উত্তৰ-পূবৰ নাগালেণ্ডত ৰাহুল গান্ধীৰ (Rahul Gandhi) ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ তৃতীয় দিনা দেখা গ’ল জনতাৰ ভিৰ।
মণিপুৰৰ পৰা আৰম্ভ কৰি সোমবাৰে ৰাহুলৰ দ্বিতীয় দিনৰ যাত্ৰা সমাপ্ত হয় নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ সমীপৰ বিশ্বেমাত। মঙলবাৰে পুৱা তাৰ পৰা নাগালেণ্ডৰ ‘যুদ্ধ স্মাৰক’লৈ যাত্ৰা আৰম্ভ হয়। শ্বহীদ জোৱানৰ স্মৃতিসৌধত তেওঁ শ্ৰদ্ধাঞ্জলি জনায়। পুৱা ৯.৩০ বজাত তেওঁ কোহিমাৰ ইন্দিৰা গান্ধী ক্ৰীড়া ষ্টেডিয়ামত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। ৰাহুলে বিয়লি চিফোবোজুত আৰু বিয়লি ৰাজ্যৰ তৃতীয় বৃহত্তম চহৰ ওখাত ৰেলী অনুষ্ঠিত কৰে। সকলোতে বৃহৎ জনসমাগম দেখা যায়।
চিফোবজুত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাহুলে কংগ্ৰেছ নেতৃত্বই অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত সন্দৰ্ভত কয়, “আৰএছএছ আৰু বিজেপিয়ে মিলি ২২ জানুৱাৰীৰ অনুষ্ঠানটোক নৰেন্দ্ৰ মোডীৰ ৰাজনৈতিক কাৰ্যসূচী হিচাপে গঢ়ি তুলিছে। মই ভাবো সেইবাবেই কংগ্ৰেছৰ সভাপতিয়ে (মল্লিকাৰ্জুন খাৰ্গে) তালৈ নোযোৱাৰ সিদ্ধান্ত লৈছে।” তেওঁ লগতে অভিযোগ কৰে যে বিগত আঠ মাহ ধৰি মণিপুৰত সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে ৰক্তপাত হোৱাৰ পিছতো ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে হিংসা বন্ধ কৰিবলৈ সচেষ্ট হোৱা নাই।
সাম্প্ৰদায়িক হিংসা আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কিয় মণিপুৰলৈ যোৱা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে ৰাহুলে। তদুপৰি, পৰৱৰ্তী লোকসভা নিৰ্বাচনত বিজেপি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ জয়ৰ দাবী উত্থাপন কৰে। কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ মন্তব্য, “২০২৪ চনৰ লোকসভা নিৰ্বাচনত ইণ্ডিয়া জয়ী হ’ব। আমি একেলগে বিজেপিক পৰাস্ত কৰিম।”
বিজেপি চৰকাৰে ঘৃণা আৰু বিভাজনৰ আৰ্হি সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাহুলে। ইয়াৰ ফলত ঘৃণা আৰু হিংসাৰ সৃষ্টি হয়। ৰাহুলে কয়, “দলিত, পিছপৰা (অ’বিচি) লোকক বঞ্চিত কৰা হৈছে। বিজেপিৰ ঘনিষ্ঠ দুই-তিনিজন উদ্যোগপতিয়েহে লাভান্বিত হৈছে। আমি এই অন্যায়ৰ অন্ত পেলাম।”