নৱবৰ্ষৰ তৃতীয়টো পুৱা সমগ্ৰ অসম তথা দেশক মৰ্মাহত কৰা গোলাঘাটৰ পথ দুৰ্ঘটনাত (Golaghat Accident) শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi)। প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ ছচিয়েল মিডিয়া একাউণ্টত প্ৰকাশ কৰা প্ৰধানমন্ত্ৰীৰ শোকবাৰ্তাত মোদীয়ে লিখিছে, “অসমৰ গোলাঘাটত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যুৰ ঘটনাই মৰ্মাহত কৰিছে। নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ।
লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ। ভুক্তভোগীসকলক স্থানীয় প্ৰশাসনে যথা সম্ভৱ সাহায্য আগবঢ়াইছে। নিহতসকলৰ নিকট আত্মীয়লৈ ২ লাখ আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা হ’ব।”
আনহাতে, এই মৰ্মান্তিক পথ দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ নিহতসকলৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জনায়। আহতসকলৰ আশু আৰোগ্য কামনা কৰে মুখ্যমন্ত্ৰীয়ে। ইফালে ঘটনাস্থলীলৈ ৰাওনা হৈছে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। তেওঁ চিকিৎসাধীন হৈ থকা আহতসকলৰ খবৰ লোৱাৰ লগতে নিহতসকলৰ ঘৰলৈও যাব।
উল্লেখযোগ্য যে বুধবাৰে পুৱা ৫ বজাত গোলাঘাটৰ আঠখেলীয়াৰ এটি বনভোজকাৰী দল দেৰগাঁৱৰ বালিজানত দুৰ্ঘটনাত পতিত হয়। এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত বাছখনৰ দুটি শিশুসহ ১৪ গৰাকী যাত্ৰী নিহত হোৱাৰ লগতে আন ৩০ গৰাকী বৰ্তমান হস্পিটেলত চিকিৎসাধীন হৈ আছে।