প্ৰবীণ অভিনেতা তথা ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত ‘জুনিয়ৰ মেহমুদ’ (Junior Mehmood) হিচাপে জনাজাত নাইম চৈয়দ আৰু নাই। কৰ্কট ৰোগত আক্ৰান্ত নাইমক দীৰ্ঘদিন ধৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কেইদিনমান পূৰ্বে তেওঁৰ পৰিয়ালৰ সদস্যসকলে তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ গৈছিল। বৃহস্পতিবাৰে নিশা তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে। তেওঁ ঘৰতে মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত নাইমৰ বয়স আছিল ৬৭ বছৰ।
পাঁচ দশকতকৈও অধিক সময়ৰ অভিনয় জীৱনত নাইমে ২৫০ খনতকৈও অধিক চলচ্চিত্ৰত কাম কৰিছিল। তেওঁ ‘কটি পতং’, ‘মেৰা নাম জোকাৰ’, ‘পৰৱৰীচ’, আৰু ‘দো ঔৰ দো পাঞ্চ’ৰ দৰে বহু সফল চলচ্চিত্ৰত অভিনয় কৰিছে।
নাইমে ১৯৬৭ চনত সঞ্জীৱ কুমাৰ, বলৰাজ চাহনী আৰু ইন্দ্ৰাণী মুখাৰ্জী অভিনীত নেনীহালত শিশু অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ শিশু কৌতুক অভিনেতা হিচাপেও যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। নাইমৰ চলাফুৰা বা কথা-বাৰ্তাত বলীউডৰ বিখ্যাত কৌতুক অভিনেতা মেহমুদৰ সৈতে বহু সামঞ্জস্য আছিল। মেহমুদেই নাইমক ‘জুনিয়ৰ মেহমুদ’ নাম দিয়ে। অভিনয়ৰ উপৰি নাইমে কেইবাখনো মাৰাঠী চলচ্চিত্ৰ পৰিচালনা কৰিছিল। এজন কৌতুক অভিনেতা হিচাপে তেওঁ দেশৰ লগতে বিদেশতো বহুতো অনুষ্ঠান প্ৰদৰ্শন কৰিছিল।
মৃত্যুৰ পূৰ্বে নাইমে প্ৰবীণ অভিনেতা জীতেন্দ্ৰ আৰু শচীন পিলগাওকাৰক লগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁ জীতেন্দ্ৰ আৰু শচীনৰ সৈতে কেইবাখনো চলচ্চিত্ৰত কাম কৰিছিল। তেওঁলোক দুয়োজনে তেওঁক লগ কৰিবলৈ গৈছিল। কৌতুক অভিনেতা জনি লিভাৰেও তেওঁক লগ কৰিবলৈ গৈছিল।