ASSAM TIMES POST
নিউজ ডেস্ক
অলপ ৰিক্স লৈ বতাহত শ্বট খেলাটো কোনো অপৰাধ নহয়, যদিহে তাত ফল পোৱা যায়৷ এনেদৰে উল্লেখ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ অ’পেনাৰ বেটছমেন ৰোহিত শৰ্মাই৷ ৰোহিত শৰ্মাৰ স্পষ্ট কথা, নিজক প্ৰকাশৰ বাবে তৰুণসকলক স্বাধীনতা দিয়া উচিত৷
এনেদৰে তেওঁৰ ক্ৰিকেট একাডেমিৰ ছাত্ৰসকলক কয়৷ উল্লেখ্য যে আন্তৰ্জাতিক ক্ৰিকেটত মিডল অৰ্দাৰ বেটছমেন হিচাপে আৰম্ভ কৰি সীমিত অভাৰৰ খেলত বিশ্বৰ অন্যতম অপেনাৰ হিচাপে তুলি ধৰিছে ৰোহিত শৰ্মাই৷ ইতিমধ্যে টেষ্ট মেচটো অ’পেনিং কৰি নিজৰ সফলতা প্ৰদৰ্শন কৰিছে ৰোহিত শৰ্মাই৷ নিজৰ ক্ৰিকেট একাডেমিৰ ছাত্ৰসকলৰ সৈতে হোৱা কথাবতৰাত ৰোহিতে নিজৰ ক্ৰিকেট জীৱন আৰম্ভ কৰোতে হোৱা সমস্যাৰ কথা কয়৷
ইয়াৰ দ্বাৰা তেওঁ উদীয়মান ক্ৰিকেটাৰৰ প্ৰতি কি মনোভাৱ সেয়া ইয়াৰ দ্বাৰা প্ৰকাশ কৰিলে৷ ক্ৰিকেট শিক্ষাৰ্থীসকলৰ প্ৰতি ৰোহিতে কয়, ডাঙৰ শ্বট খেলা বা এটা তাৎক্ষণিক শ্বট খেলাটো কোনো ক্ষতিকাৰক নহয়৷ ইয়াৰ লগতে ৰোহিতে কয়, নিজৰ খেলক লৈ এটা পৰিষ্কাৰ ধাৰণা থাকিব লাগে৷ তৰুণ ক্ৰিকেটাৰসকলক স্বাধীনতা দিয়া উচিত৷ তেনে কৰিলে স্বাভাৱিকভাৱে ক্ৰিকেটাৰসকলৰ আত্মবিশ্বাস বাঢ়িব৷ ভাৰতীয় ক্ৰিকেটৰ হিটমেন ৰোহিত শৰ্মাই লগতে কয়, কোনোৱে যদি শ্বট খেলি চায়, তাক আমি বাধা দিব নালাগে৷
মাত্ৰ মগজুত ৰাখিব লাগে যে তাৰ পৰা ফল কি পাইছে৷ এইটোৱেই আটাইতকৈ ডাঙৰ কথা৷ তুমি ৫০ টা বা ২০০ টা বলত ১০০ ৰান কৰিছা, সেইটো ডাঙৰ কথা নহয়৷ চেঞ্চুৰী চেঞ্চুৰীয়েই৷ তৰুণ ক্ৰিকেটাৰৰ প্ৰতি নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰি ৰোহিতে কয়, কোনোৱে যদি নিজৰ দক্ষতাত আস্থা ৰাখে, তেন্তে মই তেওঁৰ সেই দক্ষতাত আস্থা ৰাখিম৷ তৰুণ ক্ৰিকেটাৰসকলে কি দৰে বেট কৰিছে তাৰ ওপৰত কোনেও বিধিনিষেধ ৰখা উচিত নহয়৷ ৰোহিতৰ পৰামৰ্শ তেওঁলোকক নিজ ইচ্ছামতে বেট কৰিবলৈ দিব লাগে৷ তেনে কৰিলেই ফল পোৱা যাব৷











