
শেহতীয়াকৈ সফলভাৱে জি-২০ সন্মিলন আয়োজন কৰাৰ পিছত এইবাৰ ভাৰতে বিশ্ব জলবায়ু সন্মিলন আয়োজন কৰিবলৈ সম্পূৰ্ণ সাজু। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) ডুবাইত COP28 সন্মিলনৰ আয়োজন ইচ্ছা প্ৰকাশ কৰি এই বাৰ্তা দিয়ে। তেওঁ প্ৰস্তাৱ আগবঢ়ায় যে ভাৰত পাঁচ বছৰৰ পাছত এই সন্মি আয়োজন কৰিবলৈ সাজু। সেই সুযোগ ভাৰতক দিয়া উচিত। তেওঁ কয় যে বিশ্বৰ কল্যাণৰ বাবে সকলোৰে সুৰক্ষা আৰু অংশদাৰিত্ব প্ৰয়োজন।

জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত এই সন্মিলন আয়োজন কৰিবলৈ ভাৰত সাজু। উল্লেখযোগ্য যে শুকুৰবাৰে ‘COP28’ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোডীয়ে অংশ লয়। তেওঁ বিশ্ব জলবায়ু কাৰ্য সন্মিলনৰ উদ্বোধনী অধিবেশনতো বক্তৃতা প্ৰদান কৰে। ইয়াৰ উপৰি তেওঁ তিনিটা উচ্চ পৰ্যায়ৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ কথা। ইয়াৰে ভাৰত দুটা অনুষ্ঠানৰ সহ-আয়োজক। এই সন্মিলনত নৰেন্দ্ৰ মোডীৰ উপৰি বিশ্বৰ ২০০খন দেশৰ প্ৰতিনিধিও উপস্থিত আছে।











