অৱশেষত ইজৰাইলে পেলেষ্টাইনৰ (Palestine-Israel) স্বাধীনতাকামী হামাছৰ সৈতে শান্তি চুক্তি কৰিবলৈ সন্মতি প্ৰকাশ (Agreed to peace deal with Hamas) কৰে। জানিব পৰা মতে, ইজৰাইলৰ শাসকীয় গোটটোৱে হামাছৰ হাতত থকা পণবন্দীসকলক মুক্ত কৰিবলৈ এই চুক্তিত উপনীত হ’বলৈ সন্মত হৈছে। এক প্ৰতিবেদন অনুসৰি, হামাছে যদি পণবন্দীসকলক মুকলি কৰি দিয়ে তেন্তে মধ্যপ্ৰাচ্যৰ ইহুদীয়ে দখল কৰা ভূখণ্ডৰ চৰকাৰে ইজৰাইলৰ বিভিন্ন কাৰাগাৰত বন্দী পেলেষ্টাইনীসকলক মুকলি কৰি দিব।
এতিয়া কেৱল হামাছৰ উত্তৰৰ বাবে অপেক্ষা। ইজৰাইলৰ মতে যদি হামাছে ইতিবাচক সঁহাৰি দিয়ে, তেন্তে সহজেই চুক্তিত উপনীত হ’ব পৰা যাব।ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন কিৰ্বিয়ে কয় যে গাজাত ইজৰাইলী পণবন্দীসকলক মুক্ত কৰাৰ বাবে আমেৰিকাই প্ৰচেষ্টা অব্যাহত ৰাখিছে।
তেওঁ কয়, “দুয়ো দলৰ মাজত মিলনৰ পৰিৱেশ সৃষ্টি হৈছে।” কাকতলীয়াভাৱে ৭ অক্টোবৰৰ পুৱা গাজা ষ্ট্ৰিপ নিয়ন্ত্ৰণ কৰা গোট হামাছৰ যোদ্ধাসকলে ইজৰাইলক আক্ৰমণ কৰে। তাৰ পিছত তেওঁলোকে ২৪২ জনক পণবন্দী কৰি গাজালৈ লৈ যায়। ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা মতে, ইয়াৰে ১০৪ জন পণবন্দী ইজৰাইলী। বাকী ১৩৮ জন ব্ৰিটেইন, থাইলেণ্ড, জাৰ্মানী, ফ্ৰান্স, আৰ্জেণ্টিনা, ৰাছিয়া আৰু ইউক্ৰেইনৰ নাগৰিক।