ডিব্ৰুগড় চহৰৰ মোহনাঘাটত (Mohanaghat in Dibrugarh city) সংঘটিত হৈছে এক শোকাৱহ ঘটনা। মাতৃৰ শ্ৰাদ্ধৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হৈছে আমোলাপট্টী চাৰিআলিৰ দুই ভাই ককাই (Two brothers missing in the Brahmaputra)। নাম- অনন্ত কাকতি আৰু দিগন্ত কাকতি। সম্প্ৰতি ঘটনাস্থলীত এছডিআৰএফ বাহিনী উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে।
খবৰ অনুসৰি, মাতৃৰ ছয় মহীয়া শ্ৰাদ্ধ উপলক্ষে নিয়মনুসৰি পিণ্ড দিবলৈ নদীলৈ গৈছে দুই ভাই ককাই(Missing in the river to lay the mother’s six-month-old shraddh pind )। লগত আছিল দিগন্ত কাকতিৰ কন্যাও।
অনন্ত কাকতি পানীত নমা মাত্ৰকে ব্ৰহ্মপুত্ৰৰ প্ৰৱাল সোঁতে তেওঁক উটুৱাই নিয়ে, আত্মৰক্ষাৰ বাবে চিঞৰাত দিগন্ত কাকতিও নদী লৈ নামি যোৱাত দুয়োগৰাকী সোঁতত বিলীন হৈ পৰে। দিগন্তৰ কন্যাই এই সম্পৰ্কে স্থানীয় ৰাইজক জনোৱাত তেওঁলোকক উদ্ধাৰৰ চেষ্টা চলাই যদিও অসফল হয়।
পৰৱৰ্তী প্ৰায় ৩ ঘণ্টা পিছত এছডিআৰএফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অভিযান আৰম্ভ হয়। এতিয়ালৈকে সন্ধান পোৱা নাই ভাতৃদ্বয়ৰ।