কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছ’ৰ উপস্থিতিত দেওবাৰে ডকমোকাত কাৰ্বি পৰম্পৰাগত সংগীত বিদ্যালয় উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ৷ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে , কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিচ’ ইএম সুৰ্য ৰংফাৰ, জনসংযোগ বিভাগ, বিধায়ক বিদ্যাচিং ইংলেং, দৰচিং ৰংহাং, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্যান্য কাৰ্যবাহী সদস্য।
পৰম্পৰাগত বিদ্যালয়খন উদ্বোধন কৰি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে কয় যে কাৰ্বি আংলঙৰ যুৱক-যুৱতীসকলে বিশেষকৈ ডকমকা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ যুৱক-যুৱতীসকলে এই বিদ্যালয়ৰ জৰিয়তে পৰম্পৰাগত কলা-সংস্কৃতিৰ বিষয়ে জ্ঞান আহৰণৰ বহু সুযোগ লাভ কৰিব। তেওঁ আশ্বাস দিয়ে যে নতুন কাৰ্বি পৰম্পৰাগত সংগীত বিদ্যালয় ভৱন আৰু পথ নির্মাণ যথা সময়ত সকলোৰে সুবিধাৰ বাবে সম্পূর্ণ হ’ব৷
কলা আৰু সাংস্কৃতিক বিভাগৰ বিষয়াসকলে জনোৱা মতে, ইতিমধ্যে তেওঁলোকে বিভিন্ন শাখাত প্ৰথম বেটচৰ বাবে মুঠ ২০ জন যুৱকক নামভৰ্তি কৰিছে। উদ্বোধনী কাৰ্যসূচীত পৰিষদৰ সচিব স ছি- ইম তাৰ’ ৰাজেশন তেৰাং, যুটীয়া সচিব নিৰুপমা টিমুংপি, মাইকেল তিমুং আৰু কেএএচিৰ অন্যান্য বিষয়া আৰু বৃহত্তৰ ডকমকা অঞ্চলৰ স্থানীয় জনসাধাৰণে অংশগ্ৰহণ কৰে।