উত্তৰ ছিকিমৰ (Sikkim Flood) পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। বিগত দুদিন ধৰি গেংটক, পেলিং অঞ্চলৰ পৰা প্রচুৰ পর্যটক সমতললৈ নামি গৈছে। কিন্তু উত্তৰ ছিকিম তথা লাচেন, লাচুঙৰ পর্যটকসকলক আজিও উভতাই অনা সম্ভৱ হোৱা নাই বুলি ছিকিম প্রশাসনৰ সূত্রত প্ৰকাশ। কাৰণ বৃষ্টিপাত আৰু বেয়া বতৰ।

বায়ুসেনাৰ হেলিকপ্টাৰসহ প্ৰায় পাঁচখন হেলিকপ্টাৰ মঙ্গনত আছে। আনহাতে, ছিকিম চৰকাৰে শনিবাৰে জনাইছে যে পর্যটকসকল তাত সুৰক্ষিত হৈ আছে। হোটেল, গেষ্ট হাউছ, চৰকাৰী ভৱনবোৰত পর্যটকসকলক বিনামূলীয়াকৈ থকা-খোৱাৰ সকলো ব্যৱস্থা কৰিছে চৰকাৰে।