চলিত এছিয়ান গেমছত (Asian Games) সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে অম্লান বৰগোহাঁয়ে (Amlan Borgohain)। লাভলীনা বুঢ়াগোহাঁইৰ এছিয়ান গেমছত পদক নিশ্চিত হোৱাৰ পিছত এইবাৰ পদকৰ আশা সজীৱ কৰিলে দেশৰ দ্ৰুততম দৌৰবিদজনে।
সোমবাৰে এছিয়ান গেমছৰ ২০০ মিটাৰ দৌৰৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে অম্লান বৰগোহাঁই। ছেমি ফাইনেলত প্ৰৱেশৰ বাবে অম্লান বৰগোহাঁয়ে সময় লয় ২১.০৮ ছেকেণ্ড। এতিয়া সকলোৰে দৃষ্টি ফাইনেলত অম্লান বৰগোহাঁইৰ প্ৰদৰ্শনৰ ওপৰত।