![]()
পূৰ্বৰ পৰিকল্পনা অনুসৰি ২ অক্টোবৰৰ পৰা ৰাহুল গান্ধীয়ে দ্বিতীয় ভাৰত জোৰো যাত্ৰা (Bharat Jodo Yatra) আৰম্ভ নকৰিবও পাৰে। বৰঞ্চ তেলেংগানা, মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচন শেষ হʼলেহে ডিচেম্বৰৰ পৰা ভাৰত জোৰো যাত্ৰা আৰম্ভ কৰাক লৈ চর্চা চলি আছে কংগ্ৰেছত।

কংগ্ৰেছৰ এক সূত্ৰ মতে, প্ৰাৰম্ভিক পৰিকল্পনাত গুজৰাটৰ পৰা দ্বিতীয় ভাৰত জোৰো যাত্ৰা আৰম্ভ কৰি উত্তৰ-পূবত শেষ কৰাৰ পৰিকল্পনা আছিল।
কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত পুনৰ যাত্ৰা আৰম্ভ কৰাৰ দাবী উত্থাপন হয়। এইবাৰ ভাৰত জোৰো যাত্ৰাৰ নাম সৰ্বোদয় যাত্ৰা হʼব পাৰে বুলিও ইংগিত দিয়া হৈছে। কিন্তু কংগ্ৰেছৰ বহুতৰে মত যে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ত যদি এই যাত্ৰা অনুষ্ঠিত হয়, তেন্তে ৰাজ্যকেইখনত কংগ্ৰেছৰ শক্তি হেৰাব। তেনে ক্ষেত্ৰত নিৰ্বাচন শেষ হʼলে ডিচেম্বৰৰ পৰা যাত্ৰা আৰম্ভ হʼব লাগে। তেতিয়া লোকসভা নিৰ্বাচনৰ পূৰ্বেই যাত্ৰা শেষ হʼব।
তাৰ প্ৰভাৱ বহুত বেছি হʼব। আগন্তুক দুমাহলৈকে কংগ্ৰেছ নেতৃত্বই নিৰ্বাচনী প্ৰচাৰত সম্পূৰ্ণ মনোনিৱেশ কৰিব পাৰিব। আনহাতে, ৰাহুলে নিজেও কেইবাবাৰো ইংগিত দিছে যে ভাৰত জোৰো যাত্ৰা এইবাৰ দক্ষিণৰ পৰা উত্তৰ দিশলৈ যাত্ৰাৰ পৰিৱৰ্তে পূব-পশ্চিম যাত্ৰাৰ কথা চিন্তা কৰা হৈছে।













