শাসক-বিৰোধী উভয়ে মঙলবাৰে নিজস্ব শৈলীৰে সংসদ ভৱন সলনি (New Parliament) কৰে। পুৰণি সংসদৰ পৰা নতুন সংসদলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Modi) নেতৃত্বত ৰাজকীয় শোভাযাত্ৰা দেখা যায়। আনহাতে, কংগ্ৰেছৰ সাংসদসকলে সুকীয়াকৈ নতুন ভৱনটোত উপস্থিত হয়। কংগ্ৰেছৰ অধীৰৰঞ্জন চৌধুৰীয়ে সংবিধান মূৰত লৈ ৰাহুল গান্ধীৰ লগত পুৰণি ভৱনৰ মূল দুৱাৰৰ পৰা নতুন ভৱনৰ সিংহদ্বাৰলৈ (২০০ মিটাৰ) পদযাত্ৰা কৰি আলোড়নৰ সৃষ্টি কৰে।
ইফালে কংগ্ৰেছৰ সাংসদ কে চি বেণুগোপালে কয়, “সংবিধানৰ প্ৰতি লক্ষ্য ৰাখি আমি নতুন সংসদ ভৱনত প্ৰৱেশ কৰিছো। সংসদীয় গণতন্ত্ৰক সংবিধানৰ দ্বাৰাহে ৰক্ষা কৰিব পৰা যাব। নতুন ভৱনলৈ আপোনালোকক স্বাগতম। কিন্তু ভাৰতৰ প্ৰকৃত সুৰ জীয়াই ৰাখিবলৈ স্বাধীনতা আৰু গণতান্ত্ৰিক পৰম্পৰাৰ এই দুৰ্গটো ধৰি ৰাখিব লাগিব।”
আনহাতে, ডিএমকেৰ টি আৰ বালু, কানিমোঝি, কংগ্ৰেছৰ জয়ৰাম ৰমেশ, কে চি বেণুগোপালক একেলগে নতুন ভৱনলৈ যোৱা দেখা যায়। তৃণমূলৰ অভিষেক বেনাৰ্জী, সুদীপ বেনাৰ্জী, সৌগত ৰয়কে ধৰি আন আন সদনৰ সাংসদসকলে প্ৰথমে পুৰণি সংসদ ভৱনত থকা নিজৰ দলৰ কাৰ্যালয়ত সাক্ষাৎ কৰে। তাৰ পৰা একেলগে নতুন ভৱনলৈ যায়।
ৰাজনৈতিক শিবিৰৰ মতে, গণেশ চতুৰ্থীৰ দিনটোতে মোডী চৰকাৰে নিজৰ হিন্দুত্ববাদী ৰাজনীতিৰ লগত সংগতি ৰাখি নতুন ভৱনটো উদ্বোধন কৰিবলৈ পৰিকল্পিতভাৱে বাছি লৈছিল। মঙলবাৰে কেন্দ্ৰীয় প্ৰেক্ষাগৃহত মুকলি ভাষণত মোডীয়ে কয়, “আজি আমি নতুন ভাৰতৰ শ্ৰীগনেশ (শুভ আৰম্ভণি) কৰিবলৈ ওলাইছো।” পুৱাৰ ভাষণৰ পিছত মোডী পুৰণি ভৱনৰ নিজৰ কোঠালৈ যায়। এছ জয়শংকৰ, স্মৃতি ইৰাণী, পীযুষ গোৱেল, প্ৰহ্লাদ যোশীৰ দৰে মন্ত্ৰী-সাংসদসকল বাহিৰত সমবেত হয়।
তাৰ আগতে প্ৰধানমন্ত্ৰীৰ ঘৰৰ দুৱাৰৰ পৰা নতুন ভৱনৰ দুৱাৰলৈকে কাৰ্যত ৰেড কাৰ্পেট এখন পাতি দুয়োফালে সোণৰ শিকলিৰে আগুৰি ৰখা হৈছিল। সেই পথেৰে ‘মোডী, মোডী’ ধ্বনি দি শাসকীয় দলটোৱে নতুন ভৱনটো পায়হি। মোডীয়ে পৰিচিত ভঙ্গীৰে হাত জোকাৰিলে। তাৰ অলপ পিছতে অধীৰ চৌধুৰীয়ে হাতত সংবিধান লৈ কাষত ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সাংসদসকলক লৈ নতুন ভৱনলৈ লৈ যায় ।