সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বিশেষ অধিবেশন (parliament Special Session) । শুকুৰবাৰলৈকে চলিব অধিবেশন। আজি পুৰণি সংসদ ভৱনত আৰু মঙলবাৰৰ পৰা নতুন সংসদ ভৱনত অনুষ্ঠিত হʼব বিশেষ অধিবেশন। আজি পুৱা অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ সফলতাক লৈ বিশেষ ভাষণ প্ৰদান কৰে।

মোডীয়ে জি-২০ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ পৰা চন্দ্ৰযান-৩ৰ সফলতাৰ বিষয়ে কয়। সংসদত ইতিবাচক পৰিৱেশ বজাই ৰাখিবলৈও তেওঁ বাৰ্তা প্ৰদান কৰে। তেওঁৰ মতে, ভাৰত উজ্জ্বল ভৱিষ্যতৰ পথত। লক্ষ্য ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলা।
সোমবাৰে পুৱা ১১ বজাত নৰেন্দ্ৰ মোডীয়ে সংসদৰ ৭৫ বছৰ সন্দৰ্ভত বিশেষ ভাষণ প্ৰদান কৰে। আনহাতে, ৰাজ্যসভাত কেন্দ্রীয় মন্ত্রী পীয়ুষ গোৱেলে ভাষণ প্ৰদান কৰে৷ লক্ষণীয় যে সংসদৰ এই বিশেষ অধিবেশনত ৮খন গুৰুত্বপূর্ণ বিধেয়ক উত্থাপন হʼব পাৰে বুলি সংসদীয় পৰিক্রমা মন্ত্রী প্রহ্লাদ যোশীয়ে কয়৷