গ্ৰাহকৰ আধাৰ বায়োমেট্ৰিক ডাটা (Adhar Biometric Data) (এই ক্ষেত্ৰত মূলত আঙুলিৰ চাপ) ব্যৱহাৰ কৰি গ্ৰাহকৰ অজ্ঞাতে বেংক একাউণ্টৰ পৰা ধন লুট হোৱাৰ অভিযোগ বৃদ্ধি পাইছে। মোবাইল ফোনত এছএমএছ লাভ কৰি চুৰিৰ বিষয়ে জানিব পাৰিছে বুলি দাবী কৰিছে ভুক্তভোগীয়ে। বেংক শাখাৰ সৈতে যোগাযোগ কৰাত তেওঁৰ বায়োমেট্ৰিক তথ্যৰ ভিত্তিত এই লেনদেন কৰা বুলি কোৱা হয়। যিটো তেওঁলোকে একেবাৰেই কৰা নাছিল। সাধাৰণ মানুহৰ আঙুলিৰ চাপৰ দৰে অতি ব্যক্তিগত তথ্য চুৰি কৰি কʼত কেনেকৈ জালিয়াতিৰ জাল বিয়পাইছে সেই লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে।
যিয়ে পুনৰ প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰৰ ডিজিটেল আৰু নগদবিহীন বিত্তীয় সেৱাৰ নিৰাপত্তাক লৈ। ব্যৱস্থাটোৰ কেন্দ্ৰীয় সংস্থা দুটা— আধাৰ কৰ্তৃপক্ষ (ইউআইডিএআই) আৰু ৰাষ্ট্ৰীয় পেমেণ্টছ কৰ্পোৰেচনৰ (এনপিচিআই) সৈতে যোগাযোগ কৰা হৈছিল যদিও কোনো সঁহাৰি পোৱা নাই। অৱশ্যে সংশ্লিষ্ট মহলৰ পৰামৰ্শ অনুসৰি, আধাৰ গ্ৰাহকে সম্প্ৰতি বায়োমেট্ৰিক তথ্য ‘লক’ বা বন্ধ কৰি ৰাখিব লাগে।
ষ্টেট বেংকে জনাইছে যে যদি তেওঁলোকৰ গ্ৰাহকৰ এই অভিযোগ আছে তেন্তে তেওঁলোকে তৎক্ষণাত আৰক্ষীৰ ওচৰত এফআইআৰ দাখিল কৰিব লাগে। ইয়াৰ পিছত সংশ্লিষ্ট শাখাত আবেদন কৰিবলৈ কয়। এনে সকলো অভিযোগ এছবিআইৰ বিশেষ জালিয়াতি বিৰোধী বিভাগলৈ প্ৰেৰণ কৰা হʼব। সেই ৰিপৰ্ট এনপিচিআইক দিয়া হ’ব। প্ৰতাৰিত গ্ৰাহকৰ ধন জমা হোৱা বেংকলৈ এনপিচিআয়ে অভিযোগ প্ৰেৰণ কৰিব। তদন্তৰ অন্তত বেংকে গ্ৰাহকৰ একাউণ্টত ধন ঘূৰাই দিব।
কেনেকৈ লক কৰিব?
• আধাৰ ৱেবছাইট বা mAadhaar মোবাইল এপৰ জৰিয়তে।
• অʼটিপিৰ জৰিয়তে সেৱা উপলব্ধ হʼব। গতিকে দুয়োটা ক্ষেত্ৰতে ফোন নম্বৰ আধাৰৰ লগত লিংক কৰিব লাগে।
• www.uidai.gov.in ত গৈ ‘My Aadhaar’ শিতানৰ অন্তৰ্গত ‘আধাৰ সেৱা’ত ক্লিক কৰক।
• Lock/Unlock Biometrics-ত ক্লিক কৰিলে তাত লগ-ইনৰ বাবে এটা নতুন পৃষ্ঠা খোল খাব।
• আধাৰ নম্বৰ আৰু আধাৰ সংযুক্ত মোবাইল ফোনলৈ প্ৰেৰণ কৰা অʼটিপিৰ সৈতে নিৰ্দেশনা অনুসৰি আগবাঢ়িলে বায়োমেট্ৰিক তথ্য লক হৈ থাকিব।
• যদি আপুনি আধাৰৰ পৰা লক কৰিব বিচাৰে তেন্তে এপটো খোলাৰ পিছত স্ক্ৰীণৰ ওপৰৰ মেনুৰ পৰা বায়োমেট্ৰিক ছেটিংছলৈ গৈ ‘Enable Biometric Lock’ টিক কৰক আৰু ফোনলৈ অʼটিপি প্ৰেৰণ কৰা হʼব।
• তথ্য লক কৰিবলৈ সন্মতি বিচৰা হʼব।
• সন্মতিয়ে ডাটা আনলক নোহোৱালৈকে লক কৰিব।
• দুয়োটা ক্ষেত্ৰতে প্ৰয়োজন অনুসৰি বায়োমেট্ৰিক ডাটা খুলিব বা আনলক কৰিব পাৰি।
বিত্তীয় সেৱাসমূহ সকলোৰে বাবে সুলভ কৰি তুলিবলৈ কেন্দ্ৰই আধাৰ ভিত্তিক পেমেণ্ট সেৱা (আধাৰ সক্ষম পেমেণ্ট সেৱা বা এপিএছ) আৰম্ভ কৰে। ই ধন জমা কৰি উলিয়াব পাৰে, এটা একাউণ্টৰ পৰা আন এটা একাউণ্টলৈ ধন পঠিয়াব পাৰে বা একাউণ্টত জমা হোৱা ধন পৰীক্ষা কৰিব পাৰে। এনপিচিআয়ে মূল কাঠামো মুকলি কৰে। বাণিজ্যিক বেংক, পেমেণ্ট বেংককে ধৰি বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানে ইয়াৰ ভিত্তিত সেৱা আগবঢ়ায়। বহু গ্ৰাহক সেৱা কেন্দ্ৰও ইয়াৰ লগত জড়িত আছে। কোভিডৰ সময়ত এই ব্যৱস্থা অতি ফলপ্ৰসূ আছিল।
উল্লেখযোগ্য যে বেংকিং খণ্ডৰ চিন্তা হৈছে যে প্ৰৱঞ্চকে গ্ৰাহকৰ বায়োমেট্ৰিক তথ্য, মূলত আঙুলিৰ চাপৰ ডুপ্লিকেট কৰি আছে। কেইবাটাও অভিযোগৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে ভুৱা লেনদেনৰ পূৰ্বে প্ৰতাৰিত গ্ৰাহকসকলে কʼৰবাত আধাৰ তথ্য পৰীক্ষণৰ বাবে বায়োমেট্ৰিক তথ্য দিব লাগিছিল (সম্পত্তিৰ পঞ্জীয়নৰ বাবে চৰকাৰী কাৰ্যালয় বা মোবাইল চিম লোৱাৰ বাবে)। এই তথ্য কʼৰ পৰা লোৱা হৈছিল সেয়া সঠিকভাৱে স্পষ্ট হোৱা নাই।