বৰষুণৰ বাবে মুম্বাই বিমানবন্দৰত (Mumbai Airport) অৱতৰণ কৰাৰ সময়ত এখন বিমানৰ চকা পিচলি যায়। বিমানখনত ৬ জন যাত্ৰী আৰু দুজন ক্ৰু মেম্বাৰ আছিল। তেওঁলোকক উদ্ধাৰ কৰা হৈছে। অৱশ্যে আহত হয় কেইজনমান যাত্ৰী। জানিব পৰা মতে, তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

সংবাদ মাধ্যম এএনআয়ে প্ৰকাশ কৰা অনুসৰি, এই বিমানখন বিশাখাপট্টনমৰ পৰা মুম্বাইলৈ গৈ আছিল। বৃহস্পতিবাৰে বিয়লি বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে বিপদত পৰে পাইলটজন। কাৰণ বৰষুণত ৰাস্তাটো পিচল হৈ পৰিছিল। দৃশ্যমানতাও কমি আছিল। সন্ধিয়া ঠিক ৫.২০ বজাত মাটি স্পৰ্শ কৰাৰ পিছত বিমানখন ৰখাবলৈ চেষ্টা কৰি থাকোঁতে হঠাতে চকা পিচলি যায়। ফলত বিমানখন বিপৰীত দিশত ঘূৰি যায়।
অগ্নিনিৰ্বাপক বাহিনী আৰু বিমানবন্দৰৰ উদ্ধাৰকাৰী দলে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হৈ যাত্ৰীসকলক উদ্ধাৰ কৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সঞ্চালকালয়ৰ এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, বিশাখাপট্টনমৰ পৰা মুম্বাই অভিমুখী বিমানখনে মুম্বাই বিমানবন্দৰৰ ২৭ নং ৰাণৱেত অৱতৰণ কৰাৰ চেষ্টা কৰে। কিন্তু চকাবোৰ ঘূৰি যায়। সেই সময়ত প্ৰচণ্ড বৰষুণ দি আছিল। দৃশ্যমানতা ৭০০ মিটাৰলৈ হ্ৰাস পাইছিল।
ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ঘটনাৰ কিছু ভিডিঅʼ। বিমানখন দিলীপ বিল্ডকন নামৰ এটা কোম্পানীৰ। ঘটনাৰ পিছতে মুম্বাই বিমানবন্দৰৰ সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হয়। বিমানখন আঁতৰাই এলেকা পৰিদৰ্শন কৰাৰ পিছত পুনৰ আৰম্ভ হয় এই সেৱা।