চকুৰে মণিব পৰালৈকে কেৱল মৃত্যু সমদল। ঘৰ-দুৱাৰ ধ্বংসস্তূপত পৰিণত, বোকা-পানী, মৃতদেহ ৰাস্তাত পৰি আছে। আনকি সাগৰতো ওপঙি থকা দেখা গৈছে মৃতদেহ। এই ছবি এতিয়া লিবিয়াৰ (Libia Flood) ডাৰ্না চহৰৰ। ধুমুহা ডেনিয়েল আৰু বানপানীয়ে বিধ্বস্ত কৰি পেলাইছে এই চহৰখন। পচি যোৱা মৃতদেহৰ গোন্ধ আৰু শোকসন্তপ্ত পৰিয়ালৰ কান্দোনৰ ৰোল। মুঠতে চৌদিশে এতিয়া এক অবৰ্ণনীয় পৰিৱেশ।
আনহাতে, মৃতদেহবিলাক গণ সমাধিস্থ কৰা হৈছে। চিনাক্তকৰণৰ অপেক্ষাত চিকিৎসালয়ত পৰি আছে বহু মৃতদেহ। মৃত্যুৰ সংখ্যা ডেৰ-দুহাজাৰৰো অধিক হʼব পাৰে। এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলিও আশংকা কৰা হৈছে। আন এক সূত্ৰই দাবী কৰিছে যে মৃত্যু হোৱা লোকৰ সংখ্যা কমেও তিনি হাজাৰ। ইয়াৰ উপৰি ১০ হাজাৰৰো অধিক লোক সন্ধানহীন হৈ আছে।
উল্লেখযোগ্য যে ৪ ছেপ্টেম্বৰত গ্ৰীচৰ উপকূলৰ ভূমধ্য সাগৰত ধুমুহা ডেনিয়েলৰ সৃষ্টি হয়। ইয়াৰ ফলত ৫ আৰু ৬ ছেপ্টেম্বৰত গ্ৰীচত অভিলেখ সৃষ্টি কৰে। গ্ৰীচৰ জাগোৰা গাঁৱৰ এটা অংশত ২৪ ঘণ্টাত ৭৫০ মিলিমিটাৰ বৰষুণ হয়। যিটো প্ৰায় ১৮ মাহৰ বৰষুণৰ সমতুল্য।
মধ্য গ্ৰীচৰ থেছালিৰ বহু ঠাইত ২৪ ঘণ্টাত ৪০০ৰ পৰা ৬০০ মিলিমিটাৰ বৰষুণ হয়। গ্ৰীচত প্ৰবল বৰষুণৰ ফলত ১৫ জন লোকৰ মৃত্যু হয়। লিবিয়াৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে ‘ডেনিয়েল’ ক্ৰমান্বয়ে শক্তিশালী হয় আৰু ক্ৰমান্বয়ে ‘মেডিকেন’লৈ (ভূমধ্যসাগৰীয় হাৰিকেন) পৰিণত হʼল। মেডিকেনত গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ আৰু মধ্য অক্ষাংশৰ ধুমুহাৰ কিছু বৈশিষ্ট্য আছে। এই ধুমুহা সাধাৰণতে ছেপ্টেম্বৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত গঠন হয়। লিবিয়াৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি, ১০ ছেপ্টেম্বৰত ‘ডেনিয়েল’ তীব্ৰতৰ হৈ পৰে। ফলত দেশৰ বিভিন্ন প্ৰান্তত ১৫০ৰ পৰা ২৪০ মিলিমিটাৰ বৰষুণ হয়। যাৰ ফলত সংহাৰী বানৰ সৃষ্টি হয়। বেছিভাগেই সংঘটিত হৈছিল লিবিয়াৰ আল-বাইদাত। ১০ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰৰ ভিতৰত ২৪ ঘণ্টাত ৪০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হয়।
দেওবাৰে ভয়ংকৰ শক্তিৰে লিবিয়াৰ উপকূলত আঘাত হানে ‘ডেনিয়েল’-এ। আল-বাইদা, আল-মাৰ্জ, টব্ৰুক, বাটাহৰ দৰে কেইবাখনো চহৰ ডেনিয়েলৰ দ্বাৰা ধ্বংস হৈছে। কিন্তু তাৰ ভিতৰত ডাৰ্না আৰু বেনগাজীত আটাইতকৈ ভয়াবহ পৰিস্থিতি হৈছে। লিবিয়াৰ ডাৰ্না চহৰত ধাৰাসাৰ বৰষুণ আৰু বানৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়।
ইতিমধ্যে কেইবাখনো দেশে এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগানে বেনগাজীলৈ ১৬৮টা অনুসন্ধান আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰে। ইটালীয়ে উদ্ধাৰ অভিযানত সহায় কৰিবলৈ প্ৰতিৰক্ষা দল প্ৰেৰণ কৰিছে। আমেৰিকায়ো সহায়ৰ হাত আগবঢ়াইছে। ছৌদি আৰবেও সাহায্য প্ৰেৰণ কৰিছে।
ৰাষ্ট্ৰীয় ঐক্য চৰকাৰৰ প্ৰধানমন্ত্ৰী আব্দুল হামিদ দিবেইবাই মঙলবাৰে লিবিয়াৰ ৰাজধানী ত্ৰিপুলীৰ পৰা কয় যে ১৪ টন সাহায্যসহ এখন বিমান বেনগাজীলৈ প্ৰেৰণ কৰা হৈছে। কিন্তু সকাহ এতিয়াও পোৱা নাই বানপীড়িত ডাৰ্নাই।