![]()
কালি পুৱতি নিশা ডিব্ৰুগড়ৰ বকুলৰ বাইপাছত সংঘটিত হোৱা ঘটনাক হত্যাকাণ্ড (Dibrugarh Murder) বুলি সদৰি কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে। অভিযুক্ত আজিজ আহমেদে এই ঘটনা সংঘটিত কৰাৰ কথা আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তৰ পাছত আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

কালি কাহিলি পুৱাই ডিব্ৰুগড়ৰ বাইপাছত(বকুল)এখন বগা ৰঙৰ ইনভা গাড়ীৰ কাষত মেহেক শৰ্মা নামৰ এগৰাকী যুৱতীৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে আজিজ নামৰ এক বিবাহিত পুৰুষক অৰ্ধচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল।
প্ৰথমে ইয়াক দূৰ্ঘটনাৰ ৰূপ দি কৌশলৰে বাছি যোৱাৰ চেষ্টা চলাইছিল যদিও সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে হত্যাৰ বলি হোৱা মেহেকৰ মাতৃ মৌচুমী শৰ্মাই এইয়া এক হত্যাকাণ্ড বুলি সজোৰে অভিযোগ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত, চিকিৎসালয়ত আজিজ আহমেদক আটক কৰি সোধ-পোছ কৰাৰ পাছত এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। ইতিমধ্যেই ডিব্ৰুগড় সদৰ থানাৰ ভাৰতীয় দণ্ডবিধিৰ আইনৰ 120(বি)/ 376 / 302 / 201 ধাৰাত 378/2023 নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰা আজিজ আহমেদক আজি ন্যায়ালয়ত হাজিৰ কৰোৱাৰ লগতে পৰৱৰ্তী তদন্তৰ বাবে সাত দিনৰ আৰক্ষীৰ জিম্মাত লয় ডিব্ৰুগড় আৰক্ষীয়ে।
জানিব পৰা মতে, বিবাহিত আজিজে মেহেকক লৈ বিয়লি লাহোৱাল বাইপাছৰ মেল ব্ৰীজ নামৰ ধাবাত প্ৰৱেশ কৰাৰ দৃশ্য ধাবাৰ চিচি কেমেৰাত বন্দী হৈছে। ধাবাত কিছু সময় অতিবাহিত কৰাৰ পাছত তেওঁলোক দুয়ো আজিজৰ ইনভা গাড়ীৰে ওলাই গৈছিল।কিন্তু পুনৰ নিশা প্ৰায় ১১ বজাত আজিজ আৰু মেহেক আহি নিশা প্ৰায় ২:৫০ বজালৈ মেহেক আৰু আজিজে সময় কটাইছিল। আনহাতেদি নিশা ধাবাত পুনৰ প্ৰৱেশ কৰাৰ আগলৈ তেওঁলোক ক’ত আছিল,সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।ধাবাৰ পৰা ওলায়েই দুয়ো ইনভা গাড়ীৰে বকুল বাইপাছৰ দিশে(ডিব্ৰুগড় বাইপাছ)অগ্ৰসৰ হৈছিল।
উল্লেখযোগ্য যে কালি আবেলি প্ৰায় ৩-৩০ বজাত ঘৰত মাতৃ নথকা অৱস্থাত চহৰৰ খলিহামাৰীৰ নিবাসী মেহেক শৰ্মাক কৌশলেৰে নিজৰ এএচ-০৬-এএইচ-১১৪৩ নম্বৰৰ ই’নভা গাড়ীৰে ৰেষ্টুৰেণ্টলৈ বুলি লৈ গৈছিল আৰু শেষ বাৰৰ বাবে মেহেক শৰ্মাই নিশা প্ৰায় ৯ বজাত মাতৃলৈ ফোন কৰি ঘৰলৈ গৈ থকা বিষয়ে জানিবলৈ দিয়ে যদিও বিশেষ কথা পতাৰ পূৰ্বেই মোবাইল বন্ধ হৈ পৰে। ইয়াৰ পাছৰে পৰা কোনো যোগাযোগ নাছিল মাতৃৰ সৈতে। ইয়াৰ পাছতে কালি পুৱাৰ ভাগত যানবাহন আৰক্ষীৰ জৰিয়তে দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পাৰিছিল।
উল্লেখ্য যে, বকুল বাইপাছত পথৰ ওপৰত ই’নভা গাড়ীখন ৰখাই থোৱা অৱস্থাত পথৰ ওপৰত মেহেক শৰ্মাৰ মৃতদেহ উদ্ধাৰ আৰু আজিজ আহমেদ অচেতন হোৱা ভাও ধৰি কাষতে পৰি আছিল। পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ অনাৰ পাছত হে আজিজৰ যে সেয়া নাটক আছিল বুলি ধৰাত পৰে আৰু আৰক্ষীয়ে আটক কৰে আজিজক ।আজিজে ওৰে নিশা মেহেকক নিৰ্যাটন চলোৱাৰ পাছত হত্যা কৰি এনেদৰে পথৰ ওপৰত পেলাইএক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল।
আনহাতে ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাং মিশ্ৰই ঘটনাৰ সন্দৰ্ভত আজি সদৰ থানাত এক সংবাদ মেল সম্বোধন কৰে যদিও কোনো বিতং তথ্য প্ৰকাশৰ পৰা বিৰত থাকে। অৱশ্যে এই ঘটনা সন্দৰ্ভত আৰু আন আন ব্যক্তিক সোধ-পোচৰ বাবে আৰক্ষীয়ে মাতিব বুলি জানিব পৰা গৈছে।













