সোমবাৰে শ্বেয়াৰ বজাৰত (Stock Market) অভিলেখ সৃষ্টি কৰে নিফটি (Nifty creates records)য়ে। লগতে স্থাপন কৰে নতুন মাইলৰ খুঁটি । সোমবাৰে শ্বেয়াৰ বজাৰৰ ব্যৱসায়িক ছেছনত নিফটিয়ে প্ৰথমবাৰৰ বাবে ২০০০০-ৰ সীমা অতিক্ৰম কৰে । যিটো এক ৰেকৰ্ড । উল্লেখ্য যে নিফটিয়ে ১০ পইণ্টেৰে যাত্ৰা আৰম্ভ কৰি সোমবাৰে ২০০০০ পইণ্টত উপনীত হয় । ১৯৯২ চনৰ ৯ মাৰ্চত নিফটিয়ে প্ৰথমবাৰৰ বাবে ১০০০-ৰ সীমা স্পৰ্শ কৰিছিল।
তাৰ পিছত ২০০৪ চনৰ ২ ডিচেম্বৰত ২০০০-ৰ সীমা অতিক্ৰম কৰি ২০১৭ চনৰ ২৫ জুলাইত প্ৰথমবাৰৰ বাবে ১০০০০-ৰ সীমা অতিক্ৰম কৰে । আনহাতে, ৫ ফেব্ৰুৱাৰীত নিফটিয়ে ১৫,০০০-ৰ সীমা স্পৰ্শ কৰাৰ পিছত সোমবাৰে নিফটিয়ে ২০,০০০-ৰ সীমা অতিক্ৰম কৰে । এই সংখ্যাত উপনীত হ’বলৈ নিফটিৰ বাবে ৫২ টা ব্যৱসায়িক ছেছনৰ প্ৰয়োজন হয় ।
উল্লেখ্য যে নিফটি হৈছে নেচনেল ষ্টক এক্সচেঞ্জ (এনএছই) আৰু ফিফটি (৫০) শব্দ দুটাৰ সংমিশ্ৰণ । ৫০ মানে হৈছে এনএছইৰ শীৰ্ষ পঞ্চাশটা কোম্পানীৰ শ্বেয়াৰ । বৰ্তমান নিফটিত ৫১ টা ষ্টকৰ ব্যৱসায় আছে।