![]()
উত্তৰ প্ৰদেশৰ বাৰাণসীৰ লালবাহাদুৰ শাস্ত্ৰী বিমানবন্দৰত (Lal Bahadur Shastri International Airport) এজন যুৱকে বোমা বিস্ফোৰণ কৰাৰ ভাবুকি দিয়ে। ভাবুকি পোৱাৰ কিছু ঘণ্টাৰ ভিতৰতে ভদৌহীৰ পৰা গ্ৰেপ্তাৰ হয় এজন যুৱক। ঘটনাটো শুকুৰবাৰে সন্ধিয়াৰ।
আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্তৰ নাম অশোক প্ৰজাপতি। পঁচিশ বছৰীয়া যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৩ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। বিমানবন্দৰৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে তেওঁলোকৰ কৰ্মচাৰীয়ে এটা ভাবুকিপূৰ্ণ ফোন কল লাভ কৰে। ফোনটোৰ সিটো ফালৰ পৰা কোৱা হয় যে সন্ধিয়ালৈকে বাৰাণসী বিমানবন্দৰৰ মানচিত্ৰ সলনি হʼব। বিমানবন্দৰত বোমা বিস্ফোৰণ কৰা হʼব।

বিমানবন্দৰলৈ ভাবুকি দিয়া ফোনটো অহাৰ পিছত সকলোৰে উৱাদিহ হেৰাই যায়। বিমানবন্দৰৰ দায়িত্বত থকা চিআইএছএফৰ জোৱানসকলে পুংখানুপুংখ তালাচী চলায়। স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে বিমানবন্দৰে। অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ফোনটো কʼৰ পৰা আহিছে সেইটো চিনাক্ত কৰিবলৈ চেষ্টা কৰে। কেইবা ঘণ্টা ধৰি চেষ্টা কৰি আৰক্ষীয়ে ভাদৌহীত উক্ত ফোনটোৰ স্থান চিনাক্ত কৰে। ততাতৈয়াকৈ বাৰাণসী আৰক্ষীয়ে ভাদৌহী জিলা আৰক্ষীৰ সৈতে যোগাযোগ কৰে।
ভাদৌহীৰ ফুলপুৰ থানা এলেকাত অভিযুক্ত যুৱকজনৰ সন্ধান পায় আৰক্ষীয়ে। ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে। অভিযুক্ত যুৱক অশোকৰ পৰিয়ালে দাবী কৰিছে যে তেওঁৰ মানসিক সমস্যা আছে। চিকিৎসা অব্যাহত আছে। কিছুদিন পূৰ্বে অশোকক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু তেওঁ তাৰ পৰা পলাই যায়। ইয়াৰ পিছত তেওঁক বান্ধি থোৱা হয়। অশোকৰ পৰিয়ালৰ দাবী সঁচা হয়নে নহয় তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।













