![]()
প্ৰথম দিনাৰ পৰাই শ্বাহৰুখ খানৰ (Shahrukh Khan) ‘জোৱান’ (Jawan) ছবিয়ে ৰেকৰ্ড গঢ়িছে। ছবিখন হিন্দী ছবিৰ ইতিহাসত প্ৰথমদিনাই সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হয়। ‘পাঠান’ৰ সফলতাৰ পিছত শ্বাহৰুখৰ জনপ্ৰিয়তা কেইবাগুণো বৃদ্ধি পালে। ‘জোৱান’ মুক্তিৰ পাছত বলীউডৰ কিঙে উক্ত মাইলৰ খুঁটিও অতিক্ৰম কৰিলে।

তাৰ মাজতে এইবাৰ শ্বাহৰুখ বন্দনাত ব্যস্ত কংগনা! ‘জোৱান’ চোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে কয় ‘শ্বাহৰুখ চিনেমাৰ দেৱতা’। তেওঁ সুৰ সলনি কৰিলে নেকি?
কংগনাই সদায় বলীউডৰ খানতকৈ কুমাৰক ওপৰত ৰাখি আহিছে। সদায় বলীউডৰ তাৰকাক লক্ষ্য কৰি কটাক্ষ কৰি আহিছে তেওঁ। এইবাৰ কংগনাৰ সুৰ তাৰ বিপৰীত। অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, “৯০ৰ দশকৰ ৰোমান্টিক লাভ বয়ৰ পৰা আৰম্ভ কৰি এক দশকৰো অধিক সময়ৰ সংগ্ৰাম। ৪০-৫০ বছৰ বয়সতো, দৰ্শকৰ হৃদয়ত। প্ৰায় ৬০ বছৰ বয়সত ভাৰতীয় ছুপাৰহিৰো হিচাপে তেওঁৰ পুনৰ উত্থান বাস্তৱ জীৱনতো কম বীৰত্বপূৰ্ণ নহয়।
দীৰ্ঘদিনীয়া কেৰিয়াৰ থকা শিল্পীসকলে শ্বাহৰুখৰ দৰে নিজকে পুনৰ উদ্ভাৱন কৰাটো প্ৰয়োজন। কেৱল আলিংগন বা ডিম্পলৰ বাবেই নহয়, কিছুমান বাস্তৱ কথাৰ বাবেও ভাৰতীয় চিনেমাৰ দেৱতা শ্বাহৰুখ খান। তোমাৰ সকলো কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ওচৰত প্ৰণাম জনাইছো কিং খান।”













