![]()
শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত হʼবলগীয়া জি-২০ সন্মিলনৰ (G20 Summit) পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হʼব আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন (Narendra Modi & Joe Biden) ।সূত্ৰ অনুসৰি, দুয়োগৰাকী নেতাৰ মাজত হোৱা বৈঠকত আলোচনা হʼব নতুন দিল্লী-ৱাশ্বিংটন দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰৰ উপৰি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ সৈতে মোকাবিলা কৰিবলৈ চতুৰ্ভুজ নিৰাপত্তা আলোচনা। কোৱাডৰ (ভাৰত, আমেৰিকা, অষ্ট্ৰেলিয়া আৰু জাপান) চাৰি সদস্যৰ সমন্বয় গভীৰ কৰাৰ বিষয়টোও আলোচনাৰ বাবে উত্থাপিত হ’ব।

সংবাদ মাধ্যমৰ এক বাতৰিত দাবী কৰা হৈছে যে চতুৰ্ভুজ অক্ষৰ বুজাবুজি বৃদ্ধিৰ বাবে ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ দিনা বাইডেনৰ সৈতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক ‘বিশেষ অতিথি’ হিচাপে আমন্ত্ৰণ জনোৱা হʼব পাৰে।
উল্লেখযোগ্য যে অহা ৯ আৰু ১০ ছেপ্টেম্বৰত (শনিবাৰ আৰু দেওবাৰ) নতুন দিল্লীত অনুষ্ঠিত হʼব জি-২০ শীৰ্ষ সন্মিলন। এই বৈঠকৰ সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। হোৱাইট হাউছৰ তথ্য অনুসৰি, আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনৰ পৰা বৃহস্পতিবাৰে দিল্লীলৈ ৰাওনা হয় বাইডেন। শুকুৰবাৰে দিল্লীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হʼব।
সূত্ৰ অনুসৰি, জি-২০ শীৰ্ষ সন্মিলনৰ পূৰ্বে কোৱাডৰ আন দুখন সদস্য ৰাষ্ট্ৰৰ নেতাসকলেও মোডী-বাইডেনৰ উপস্থিতিত বৈঠকত মিলিত হʼব পাৰে। ২০১৭ চনত ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াই আনুষ্ঠানিকভাৱে এই কোৱাড গঠন কৰে। যদিও প্ৰথমে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ একপক্ষীয় আগ্ৰাসন প্ৰতিহত কৰাৰ লক্ষ্য আছিল, পিছলৈ এই প্ৰক্ৰিয়া অধিক ব্যাপক হৈ পৰে।
যোৱা বছৰ জাপানৰ টকিঅʼত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনত মোডীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সমৃদ্ধি আৰু স্থিতিশীলতা নিশ্চিত কৰিবলৈ কোৱাডৰ সক্ৰিয়কৰণ বৃদ্ধিৰ আহ্বান জনাইছিল। সেই উদ্দেশ্যে দিল্লীত গুৰুত্বপূৰ্ণ আলোচনা হʼব পাৰে। মোডী আৰু বাইডেনৰ লগতে শুকুৰবাৰে জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ আহি আছে আলবানীজ আৰু কিছিদাও।













