![]()
মুথেইয়া মুৰলীধৰণে (Muttiah Muralitharan) নাভাবে যে বিশ্বকাপ ভাৰতত (Worldcup) অনুষ্ঠিত হোৱাৰ বাবে একে সময়তে তিনিজন স্পিনাৰ খেলিব লাগে। কিংবদন্তি প্ৰাক্তন অফস্পিনাৰগৰাকীৰ মতে, আৰম্ভণিৰ এঘাৰত দুজন স্পিনাৰ ৰখাটোৱেই যথেষ্ট হʼব।

বিশ্বকাপৰ বাবে নিৰ্বাচিত ভাৰতীয় দলত বাওঁহাতৰ তিনিগৰাকী স্পিনাৰ আছে। ৰবীন্দ্ৰ জাডেজা আৰু অক্ষৰ পেটেলৰ সৈতে স্পিনাৰ কুলদীপ যাদৱ। দলত কোনো অফস্পিনাৰ নথকাত প্ৰশ্ন উত্থাপন হৈছে।
সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত মুৰলীয়ে কয়, “কেৱল বৈচিত্ৰ্য আনিবলৈ তিনিজন স্পিনাৰ একেলগে খেলি লাভ নাই। দুজনৰ খেলেই যথেষ্ট। জাডেজাই অল ৰাউণ্ডাৰ হিচাপে খেলিব। তেওঁৰ লগত এজন থাকিলেই যথেষ্ট।”
৮০০ টেষ্ট উইকেটৰ গৰাকী মুৰলীয়ে স্পষ্টভাৱে কয় যে জাদেজা আৰু কুলদীপৰ যুটি ভাৰতীয় দলৰ বাবে আদৰ্শ আৰু শ্ৰেষ্ঠ হʼব। শ্ৰীলংকাৰ প্ৰাক্তন স্পিনাৰগৰাকীয়ে কয়, “প্ৰথমে আমি চাব লাগিব যে আদৰ্শ প্ৰথম এঘাৰ কি হোৱা উচিত। যদি তেওঁলোকে জাদেজা আৰু কুলদীপক খেলায় তেন্তে ঠিকেই আছে। কুলদীপ ৰিষ্টস্পিনাৰ।”
যুজবেন্দ্ৰ চাহাল আৰু আৰ অশ্বিনক বাদ দিয়াক লৈও বহু প্ৰশ্ন উত্থাপন হৈছে। কিন্তু এই সিদ্ধান্তত মুৰলীয়ে একো ভুল দেখা নাই। তেওঁ অনুভৱ কৰে যে হাৰিয়ানাৰ ৰিষ্টস্পিনাৰতকৈ কুলদীপ আৰু অক্ষৰৰ ছন্দ বহুত ভাল। মুৰলীৰ ভাষাত, “মই নাজানো অশ্বিন বা চাহালৰ ছন্দ কেনেকুৱা। টি-২০ ক্ৰিকেটত প্ৰদৰ্শন কেতিয়াও এদিনীয়া ক্ৰিকেটৰ মাপকাঠি হʼব নোৱাৰে। দুয়োবিধ দুই ধৰণৰ খেল। শেহতীয়াকৈ কুলদীপ আৰু অক্ষৰে চাহালতকৈ ভাল খেলিছে।”
ইয়াৰ পিছত মুৰলীৰ প্ৰশ্ন, “অভিজ্ঞতা থকাটো ভাল। কিন্তু মোৰ প্ৰশ্ন হʼল, চাহালে ঘৰুৱা ক্ৰিকেট খেলিছে নেকি? চাহালৰ ক্ষেত্ৰত যদি তেওঁ ঘৰুৱা ক্ৰিকেট আৰু এদিনীয়া ক্ৰিকেট খেলা নাই, তেন্তে তেওঁক দলত লৈ যোৱাৰ কোনো অৰ্থ নাই। যদি চাহালে খেলিব নোৱাৰে, তেন্তে সকলোৱে নিৰ্বাচকসকলক এটা প্ৰশ্ন সুধিব- যোৱা ছমাহত এদিনীয়া ক্ৰিকেট নেখেলা খেলুৱৈ এজনক কি ভিত্তিত দলত অন্তৰ্ভুক্ত কৰা হৈছে?”













