![]()
জি-২০ত (G20 Summit) অংশগ্ৰহণ কৰা অতিথিসকলক আদৰণি জনাব সিন্ধু-সৰস্বতী সভ্যতাৰ প্ৰাচীন ভাৰতে। জি-২০ অভ্যৰ্থনাত সিন্ধু-সৰস্বতী সভ্যতাৰ প্ৰতীক হʼল কঁকালত হাত থৈ থিয় হৈ থকা সুপৰিচিত নাৰীমূৰ্তি। ভাৰত বাণিজ্য প্ৰসাৰ সংস্থা (আইটিপিঅʼ) কমপ্লেক্সত প্ৰৱেশ কৰিয়েই যাক এটি ঘূৰ্ণনশীল মঞ্চত থিয় হৈ থকা দেখা যাব।

সেই প্ৰতিমূৰ্তিটো কিয় বাছনি কৰা হʼল সেই বিষয়ে ব্যাখ্যা কৰি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে কয় যে এই প্ৰতিমূৰ্তিটো সমগ্ৰ বিশ্বৰ চকুত চকু থৈ দৃঢ়ভাৱে থিয় দি আছে। এই নাৰীৰ শৰীৰৰ ভাষাৰ পৰা স্পষ্ট হৈ পৰে যে তেওঁ মুক্ত আৰু মুকলি মনৰ প্ৰতীক। সেয়ে হাজাৰ হাজাৰ বছৰ পুৰণি এই নাৰী মূৰ্তিটো বাছি লোৱাৰ সিদ্ধান্ত লোৱা হয়। মূল প্ৰতিমূৰ্তিটো ১০.৫ চে:মি:। এফালে এইগৰাকী অতীতৰ নাৰী আৰু আনফালে কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে আধুনিক নাৰী হʼব। যাৰ কাম হʼব সমগ্ৰ প্ৰদৰ্শনীৰ সবিশেষ উজ্জ্বল কৰি তোলা।
জি-২০ৰ স্থানত সাংস্কৃতিক মন্ত্ৰালয়ে আয়োজন কৰা এই প্ৰদৰ্শনীৰ বিষয়বস্তু হৈছে ‘ইণ্ডিয়া : দ্য মাদাৰ অব ডেমোক্ৰেচি’। শতিকা পুৰণি ভাৰতত সমাজৰ অবিচ্ছেদ্য অংগ হৈ থকা গণতন্ত্ৰক তাত আলোকপাত কৰা হʼব। ২৬টা ইন্টাৰেক্টিভ পেনেল স্থাপন কৰা হৈছে, যʼত ঋকবেদ-অৰ্থব বেদৰ পৰা ৰজা অশোকৰ ৰাজত্বকালৰ ভাৰতীয় সমাজৰ ছবিখন চিত্ৰিত কৰা হʼব। ইয়াৰ উপৰি পুৰণি কিতাপত ব্যৱহৃত সভা, সমিতি বা সংসদৰ দৰে শব্দ আজি ভাৰতীয় সংসদক বুজাবলৈ কেনেদৰে ব্যৱহাৰ কৰা হয়, সেয়া মুঠ ১৬টা ভাষাত উপস্থাপন কৰা হʼব।













