ASSAM TIMES POST
ডিফু : বিতৰ্কিত বিধেয়ক কেবৰ ওপৰত ৰাষ্ট্ৰপতিৰ চীল- মোহৰ লাগি ই আইনলৈ পৰিৱৰ্তন হোৱাৰ পিছত ইয়াকলৈ আইনী যুঁজ দিবলৈ অগ্ৰসৰ হৈছে একাংশ দল সংগঠন ৷ আজি ডিফুৰ ছেমছনছিং ইংতি মেম’ ৰিয়েল পাৰ্কত কেবৰ বিৰুদ্ধে ৰূপায়িত হোৱা অৱস্থান ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰি জাতিধ্বংসী বিধেয়কটোকলৈ প্ৰয়োজন হলে উচ্চতম ন্যায়ালয়ৰ লগতে ৰাষ্ট্ৰসংঘৰ আদালততো যুঁজ দিবলৈ প্ৰতিঘৰৰ পৰাও নুন্যতম ৫০০ টকাকৈ বৰঙণি সংগ্ৰহ কৰি এটা একাউণ্টত জমা ৰাখিবলৈ মতপোষণ কৰে কাৰবি আংলঙৰ আঞ্চলিক দল এপিএইছএলচিৰ সভাপতি অৱসৰ প্ৰাপ্ত আইএছ বিষয়া জে আই কাথাৰে ৷
ইয়াৰ লগতে কেব বিৰোধী আন্দোলনক গাঁৱে- ভূঞে সম্প্ৰসাৰিত কৰা হব বুলি ভাষণ প্ৰদান কৰে নেতা গৰাকীয়ে ৷ইয়াৰ লগতে স্থানীয় শিল্পী কুইন হাজৰিকাৰ লগতে কেইবাগৰাকী বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীয়ে কেবৰ বিৰুদ্ধে মাৰ বান্ধি ঐক্যবদ্ধ আৰু অহিংস আৰু শান্তিপূৰ্ণ আন্দোলন অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷ উল্লেখযোগ্যযে, বৃহস্পতিবাৰে ডিফুত নাগৰিক সমাজৰ উদ্যোগত ডিফু চহৰৰ মাজেৰে বাহিৰ কৰা প্ৰতিবাদী সমদলত একাংশ প্ৰতিবাদকাৰীয়ে উগ্ৰ ৰূপ ধাৰণ কৰিছিল যদিও একাংশ জ্যেষ্ঠ সাংবাদিক, ছাত্ৰনেতা আৰু বুদ্ধিজীৱিৰ হস্তক্ষেপত পৰিস্থিতি অধিক অৱনতি হোৱাৰ পৰা ৰক্ষা পৰে ৷

আজিও ডিফুৰ নাগৰিক সমাজ, ছাত্ৰ সমাজ, আৰু সাধাৰণ ৰাইজ একেস্থানতে সমবেতহৈ বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে যদিও সমদল বাহিৰ কৰাৰ পৰা বিৰত থাকে ৷ প্ৰায় দুই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ‘ বিজেপি গ’ বেক, কেব আমি নমানো, কেব বাতিল কৰিবই লাগিব, জয় আই অসম আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিশেষকৈ আজিৰ প্ৰতিবাদ স্থলীত বিজেপি বিৰোধী শ্লগানে অধিক গুৰুত্ব লাভ কৰে ৷
আনহাতে আজিৰ নিতৌ বিয়লি ৩ বজাত একে স্থানতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি জানিব পৰা গৈছে ৷ আনহাতে জিলা আৰক্ষী প্ৰশাসন যিকোনো অপ্ৰিতীকৰ পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈ সষ্ঠম হৈ আছে বুলি জানিব পৰা গৈছে ৷











