![]()
শনিবাৰে পুৱা প্ৰায় ৫.১৫ বজাত মাদুৰাই ষ্টেচনৰ (Madurai Station) সমীপত ৰেʼলৰ পেণ্ট্ৰি কাৰত এক ভয়াৱহ অগ্নিকাণ্ড (Tragic Fire) সংঘটিত হয়। ৰেʼলৱেৰ সূত্ৰৰ পৰা জানিব পৰা মতে, IRCTC বিশেষ ৰেʼল পুনালুৰ-মাদুৰাই এক্সপ্ৰেছত সংঘটিত হৈছে এই দুৰ্ঘটনা। এই বিশেষ ৰে’লখন উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা ৰামেশ্বৰমলৈ গৈ আছিল।

এই দুৰ্ঘটনাত এতিয়ালৈকে কমেও দহজন যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। নিহত লোকসকল উত্তৰ প্ৰদেশৰ বাসিন্দা। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। জানিব পৰা মতে ৰে’লখনত ৬৫ জন যাত্ৰী আছিল। তেওঁলোক সকলোৱেই আছিল তীৰ্থযাত্ৰী। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত আটাইকেইজন যাত্ৰী গভীৰ নিদ্ৰাত আছিল। মাদুৰাই ষ্টেচনৰ সমীপত এটা চিলিণ্ডাৰ বিস্ফোৰণত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
পিছলৈ ই ওচৰৰ আন দুটা ডবালৈ বিয়পি পৰে। মাদুৰাই জংচনৰ পৰা এক কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই দুৰ্ঘটনা। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে মাদুৰাই ষ্টেচনৰ পৰা জৰুৰীকালীন দল এটা গৈ ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে পিছত জুই নিয়ন্ত্ৰণলৈ আনে। আহতসকলক উদ্ধাৰ কৰি মাদুৰাইৰ ৰে’লৱে হাস্পতাললৈ লৈ যোৱা হয়। উক্ত স্থানত উপস্থিত হয় ৰেʼল বিশেষজ্ঞৰ এটা দল।
ফৰেনছিক আৰু অন্যান্য তদন্তও ৰেʼলৱেই আৰম্ভ কৰিছে। অগ্নিকাণ্ড সংঘটিত হোৱা ৰে’লখনৰ ডবাসমূহৰ তদন্ত অব্যাহত আছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৰেʼলখনৰ গতিবেগৰ বিষয়েও তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে, ১৭ আগষ্টৰ পৰা লক্ষ্ণৌৰ পৰা এই বিশেষ ৰেʼলখনে যাত্ৰা আৰম্ভ কৰিছিল।
দেওবাৰে চেন্নাইত উপস্থিত হোৱাৰ কথা আছিল। তাৰ পূৰ্বে শনিবাৰে পুৱা এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। মৃতকৰ পৰিয়ালৰ বাবে ১০ লাখ টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰা হৈছে।











