ASSAM TIMES POST
পশ্চিম কৰ্বিআংলং : পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ। ৰাজ্য সভাত নাগৰিক সংশোধনী বিধায়ক ২০১৯ গৃহিত হোৱা ৰ পাছতেই পাহাৰীয়া জিলাখনটো অধিক তীব্রতৰ হৈ উঠিছে কেব বিৰোধী আন্দোলন।
দল-মত নিৰ্বিশেষে আন্দোলনত জপিয়াই পৰে সকলো ৰাইজে। হাজাৰ হাজাৰ জনতা ৰাজপথত উলিয়াই আহি হাতে হাতে প্লেকাৰ্ড লৈ বিজেপি, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্লোগান দি বৈঠালাংছ’ৰ আকাশ-বতাহ প্ৰতিবাদমুখৰ কৰি তোলে ৷
বৈঠালাংছ’ৰ চেৰদিহুন আকলামত পৰা ওলোৱা এই প্ৰতিবাদ প্ৰায় ১০ কি:মি পদযাত্ৰা কৰি বৈঠালাংছ’ৰ কেন্দ্ৰীয় শংকৰ মন্দিৰ নমঘৰত প্ৰতিবাদ সামৰণি পৰে ৷ ইপিনে বন্ধৰ প্ৰতি পূৰ্ণ সৰ্মথ জনাই জিলাখনত দোকান পোহাৰ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাৰ পৰিলক্ষিত হৈছে ৷ ইফালে পুৱাৰে পৰা সমগ্ৰ বৈঠালাংছতে ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছে প্ৰশাসনে।