![]()
পৰাগ কুমাৰ দাস (Parag Kumar Das) দেৱৰ জীৱনাদৰ্শনৰ সবাতােকৈ অনুকৰণীয় আৰু ইতিবাচক দিশটো আছিল নিভাঁজ অসম প্রেম আৰু আপােচহীন প্রতিবাদী সত্তা। স্বদেশ-স্বজাতিৰ হকে কলম হাতত তুলি লোৱা দাস দেৱৰ আদৰ্শ আৰু জাতীয় চেতনাই আমাক চিৰদিন উদ্বুদ্ধ কৰি ৰাখিব। তেখেতে ১৯৯৪ চনত এখন “আগান” নামৰ বাৰ্তালোচনী প্ৰকাশ কৰিছিল য’ত তেখেতে দাঙি ধৰিছিল সমাজৰ সমস্যা, ভাৱধাৰা ইত্যাদি। ১০ দিনীয়া আলোচনীখনৰ ২৪ টা সংখ্যা প্ৰকাশ পাইছিল।

তেখেতৰ এই আলোচনীখন তথা পৰাগ কুমাৰ দাসক লৈ নৱপ্ৰজন্মই নিৰ্মাণ কৰিছে “আগানৰ গীত” শীৰ্ষক নতুন গান। গীতটিত কণ্ঠদান কৰিছে নাহিদ আফ্ৰিনে। গীতটিৰ বিষয়বস্তু ঠেংগাল জ্যোতি স্বপ্নৰ। সুৰ কৰিছে ৰূপম বৰুৱাই লগতে সংগীত কৰিছে শব্দব্ৰহ্মাই। সংগীত প্ৰযোজনাৰ দায়িত্বত আছে ইশানু শৰ্মা আৰু মিক্সিং জিন্টু বৰদলৈৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা জোনাক প্ৰকাশৰ।













