![]()
উত্তৰাখণ্ডৰ উত্তৰ কাশী অঞ্চলত বাছ এখন দ খাৱৈত বাগৰি পৰাত (Uttarkashi Bus Accident) কমেও ৭জন লোকৰ মৃত্যু হয়। আনহাতে, গুৰুতৰভাৱে আহত হয় প্ৰায় ২৭জন যাত্ৰী। জানিব পৰা মতে, গংগোত্ৰীৰ পৰা উত্তৰকাশীলৈ গৈ আছিল ৩৫জন যাত্ৰীৰে এখন বাছ। আটাইকেইজন যাত্ৰী গুজৰাটৰ বুলি জানিব পৰা গৈছে। দেওবাৰে বিয়লি পথৰ সমীপৰ দ খাৱৈত বাগৰি পৰে বাছখন। থিতাতে মৃত্যু হয় ৭ জন লোকৰ।

এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু দুৰ্যোগ সঁহাৰি বাহিনী উপস্থিত হয়। মৃতদেহকেইটা উদ্ধাৰ কৰা হৈছে। আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে টুইটযোগে মৃতকৰ লগতে আহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। লগতে আৰক্ষী আৰু জিলা প্ৰশাসনক সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।













