উত্তৰ প্ৰদেশৰ জৌনপুৰতএগৰাকী দলিত কিশোৰীক যৌন নিৰ্যাতন (Men molest minor Dalit girl, record act in UP’s Jaunpur)ৰ অভিযোগ উত্থাপন হৈছে। কেৱল সেয়াই নহয়, অভিযুক্তই উক্ত ঘটনাৰ ভিডিঅʼও বনাইছিল। ১৪ আগষ্টত এই ঘটনা সংঘটিত হৈছিল মাচলিছহৰ অঞ্চলত।
ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত প্ৰকাশ (Video was published on social media) পোৱাৰ লগে লগে আৰক্ষীয়ে তালাচী চলাই কেইঘণ্টামানৰ ভিতৰতে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ লগত জড়িত ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১৪৭, ৩৫৪, ৫০৪ আৰু ৫০৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ উপৰি অনুসূচিত জাতি আৰু জনজাতি আইনৰ অধীনতো অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
জৌনপুৰৰ আৰক্ষী অধীক্ষক অজয় পাল শৰ্মাই জানিবলৈ দিয়া মতে, মাচলিছহৰ অঞ্চলৰ পৰা ৬ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ভিডিঅʼটো পৰীক্ষা কৰাৰ পিছত জানিব পৰা গৈছে যে উক্ত অঞ্চলতে ঘটনাটো সংঘটিত হয়। কিশোৰীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, আশীষ, বিকি, গোৰ, প্ৰমোদ, পাপ্পু আৰু লাথমণি নামৰ ছয়জন যুৱকে তেওঁক বলপূৰ্বকভাৱে নিৰ্জন স্থানলৈ লৈ যায়। ইয়াৰ পিছত তেওঁক ধৰ্ষণ কৰা হয়। সহায় বিচাৰি চিঞৰ-বাখৰ কৰাত স্থানীয় লোক ওলাই অহাত লৰালৰিকৈ পলায়ন কৰে যুৱককেইজনে।
কিশোৰীগৰাকীয়ে এই ঘটনাৰ বিষয়ে কাৰোবাক কʼলে তেওঁক মৃত্যুৰ ভাবুকি দিয়া বুলি অভিযোগ কৰে। সেই ভয়ৰ বাবেই তেওঁ কাকো কোৱা নাছিল বুলি দাবী কৰিছে পৰিয়ালৰ লোকে। কিন্তু যেতিয়া ভিডিঅʼটো ছচিয়েল মিডিয়াত বিয়পি পৰে তেতিয়া ছোৱালীজনীৰ মাতৃ আৰক্ষীৰ কাষ চাপে। ইয়াৰ পিছতে ছয়জন যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়।