৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ মুম্বাইৰ বৈঠকত এইবাৰ বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ লক্ষ্য (Opposition alliance ‘India’ aims at) হৈছে সমন্বয়ৰ কাম মসৃণ কৰাৰ বাবে প্ৰয়োজনীয় সমিতি গঠন (Formation of committee for coordination) কৰা। ইয়াৰ উপৰি সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে কেনেদৰে প্ৰভাৱ বৃদ্ধি কৰিব পাৰি সেই সন্দৰ্ভত বিতং আলোচনা কৰা হʼব। ইতিমধ্যেই খবৰ পোৱা গৈছে যে বিৰোধী নেতাসকলে ঘৰুৱাভাৱে বিভিন্ন বিষয়ত আলোচনা কৰি যাব।
ৰাজ্যসভাৰ তৃণমূলৰ নেতা ডেৰেক অʼব্ৰাইনে আজি কয় যে আগন্তুক শীতকালীন অধিবেশনত বিৰোধীৰ প্ৰতিবাদৰ সুৰ দহগুণ বৃদ্ধি পাব। জানিব পৰা মতে, ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱটো শীতকালীন অধিবেশনত অনা হʼব৷ সূত্ৰ অনুসৰি ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ সংশ্লিষ্ট কমিটীয়ে এই প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰিছে।
বিৰোধী মিত্ৰজোঁটৰ সূত্ৰ অনুসৰি, ইয়াৰ পিছত বিৰোধীৰ কৌশল অতি ক্ষীপ্ৰতাৰে তৈয়াৰ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হʼব, কিয়নো হাতত বেছি সময় নাই। বৰ্তমান সিদ্ধান্ত লোৱা হৈছে যে ৰাজ্যখনত যিটো দলেই শক্তিশালী, বাকীসকলে তাৰ পক্ষ লʼব। জেডিইউ-আৰজেডি, শিৱসেনা আৰু ডিএমকেই ক্ৰমে বিহাৰ, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত ‘ইণ্ডিয়া’ৰ নেতৃত্ব দিব। কিন্তু কেৰালা, দিল্লী বা পশ্চিমবংগৰ দৰে ৰাজ্যত (যʼত ‘ইণ্ডিয়া’ৰ সদস্যসকলে ইজনে সিজনৰ লগত যুদ্ধত লিপ্ত হৈছে) কেনেকৈ আগবাঢ়িব লাগে সেইটো চূড়ান্ত কৰাৰ প্ৰচেষ্টা চলোৱা হʼব। ইণ্ডিয়াৰ নিজাকৈ টুইটাৰ হেণ্ডেল আৰু অন্যান্য ছচিয়েল মিডিয়া প্লেটফৰ্মত সাধাৰণ একাউণ্ট থাকিব।