![]()
মহামাৰী আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত সৃষ্টি হোৱা ‘ক্ষতি’ৰ পৰা ভাৰতৰ অৰ্থনীতিয়ে দ্ৰুতগতিত মূৰ দাঙি উঠিছে। আমেৰিকাৰ বিখ্যাত বিত্তীয় সেৱা সংস্থা ‘মৰ্গান ষ্টেনলি’ৰ শেহতীয়া প্ৰতিবেদনত (‘Morgan Stanley’ reports) এই কথা উল্লেখ কৰা হৈছে। সংস্থাটোৰ মতে আৰ্থিক বৃদ্ধিৰ ক্ষেত্ৰত ভাৰত ‘ইকুৱেল ৱেইট’ৰ (সমান ওজন) পৰা ‘অ’ভাৰৱেইট’ (অতিৰিক্ত ওজন) স্তৰলৈ গতি কৰিছে।
‘অ’ভাৰৱেইট’ ৰেটিঙৰ অৰ্থ হৈছে মৰ্গান ষ্টেনলিৰ বিশেষজ্ঞসকলে ভৱিষ্যতে ভাৰতীয় অৰ্থনীতিৰ বিপুল বৃদ্ধিৰ সম্ভাৱনা দেখিছে। তাৎপৰ্যপূৰ্ণভাৱে কোম্পানীটোৱে শেহতীয়াকৈ বিত্তীয় উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাৰ ‘ট্ৰিপল এ’ উপাধি কৰ্তন কৰিছে। চীনৰ বিত্তীয় মন্দাৱস্থাৰ নেতিবাচক প্ৰভাৱ আৰু অধিক বৃদ্ধি পাব বুলি ভৱিষ্যদ্বানী কৰা হৈছে। ছি জিনপিঙৰ দেশখনক ‘ইকুৱেল ৱেইট’ৰ স্তৰলৈ নমাই অনা হৈছে।
প্ৰতিবেদনত বিশ্বৰ অৰ্থনৈতিক উত্তেজনাৰ মাজতো ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ ধাৰাবাহিকভাৱে ৬.২ শতাংশৰ ওপৰত ‘আশাজনক’ বুলি অভিহিত কৰা হৈছে। উল্লেখযোগ্য যে ২০২২-২৩ বিত্তীয় বৰ্ষত দেশৰ জিডিপি বৃদ্ধিৰ হাৰ ৭.২ শতাংশ (India’s GDP growth rate is 7.2 per cent) হৈছেগৈ। ভাৰতৰ দৰে উন্নয়নশীল দেশৰ অৰ্থনীতিৰ এই দ্ৰুত উত্থানৰ কাৰণ কি? মৰ্গান ষ্টেনলিৰ মতে, ভাৰতে বিনিয়োগৰ পৰিমাণ বৃদ্ধিৰ বাবে চৰকাৰী পৰ্যায়ত কেইবাটাও গুৰুত্বপূৰ্ণ আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰি বৃহৎ জনশক্তি আৰু ডিজিটেল প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়াটোৱেও ভাৰতীয় অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিছে বুলি আমেৰিকান বিত্তীয় সেৱা প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে।
উল্লেখ্য, বিশ্ব বেংক, আইএমএফ, ব্লুমবাৰ্গ ইকনমিক্সকে ধৰি বিভিন্ন বিত্তীয় আৰু পৰামৰ্শদাতা সংস্থাই ইতিমধ্যে জনাইছে যে মহামাৰী আৰু ইউক্ৰেইন যুদ্ধৰ বাবে অনিশ্চিত হৈ পৰা বিশ্ব অৰ্থনীতিত ভাৰত ব্যতিক্ৰম। এইবাৰ সেই তালিকাত অন্তৰ্ভুক্ত হৈছে ‘মৰ্গান ষ্টেনলি’। বিগত নৱেম্বৰ মাহত আমেৰিকান সংস্থাটোৱে কৈছিল যে আগন্তুক পাঁচ বছৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হʼবলৈ গৈ আছে (India is going to become the world’s third largest economy in five years)। সন্মুখত থাকিব কেৱল আমেৰিকা আৰু চীন।














