আজি বিয়লিৰ ভাগত গোলাঘাট নগৰকে ধৰি গোলাঘাট জিলাৰ মাজেৰে পাৰ হৈ যোৱা এজাক ধুমুহা (Storm in Golaghat)আৰু বৰষুণৰ ফলত বিভিন্ন ঠাইত বিদ্যুতৰ খুঁটা আৰু গছ বাগৰি পৰাৰ লগতে বিদ্যুতৰ তাঁৰ চিগাকে ধৰি ব্যাপক ক্ষয়-ক্ষতিৰ পৰিপ্ৰেক্ষিতত গোলাঘাট নগৰ আৰু জিলাখনৰ বহু ঠাইত বিদ্যুৎ সংযোগ ব্যাহত হৈছে।
এই ঠাইসমূহৰ ভিতৰত গোলাঘাট নগৰ, ঊষা গৰঙা, মেৰাপানী, কমাৰবন্ধা, উৰিয়ামঘাট, সৰুপথাৰ, টেঙানী, বোকাখাত আৰু কমাৰগাঁৱৰ কেতবোৰ অঞ্চল অন্যতম।
এ পি ডি চি এলৰ মুখ্য কাৰ্যবাহী বিষয়া নিপন অধিকাৰীয়ে জানিবলৈ দিছে যে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱা বা জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুৎ কৰ্তন কৰিবলগীয়া হোৱা স্থানসমূহত পুনৰ বিদ্যুৎ নিয়মীয়া কৰাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব। বিদ্যুৎ বিভাগৰ লোকে ইয়াৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। জনসাধাৰণক এইক্ষেত্ৰত বিদ্যুৎ বিভাগক সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।