![]()
নৱ প্ৰজন্মক তিল তিলকৈ ক্ৰমান্বয়ে মৃত্যুৰ কঁৰাল গহ্বৰলৈ ঠেলি নিয়া বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে (Awareness & prevention of Drugs)কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত সদ্য আত্ম প্ৰকাশ কৰা সংগঠন ইছলামিক সমাজ সংস্কাৰক সমিতিয়ে ৷ জিলাখনৰ বিভিন্ন অঞ্চলৰ লগতে বিশেষকৈ ডিফুৰ সমীপৱৰ্তী এলেকা ধৰমনলা, পাণবাৰী, ছৰছৰী, হৰিলালবস্তি, ৰংনিহান পথাৰ বিৰলা আদি অঞ্চলৰ ড্ৰাগছৰ ভয়াবহতাৰ পৰা নৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ হাতে কামে লাগি পৰিছে ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতি ৷

সমিতিখনে প্ৰথমটো অভিযান হিছাপে উল্লেখিত সংশ্লিষ্ট এলেকাত ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰি আহিছে ৷ তাৰে অংশ স্বৰূপে আজি ডিফু ৰংনিহান পথাৰত ডিফু মছজিদ কমিটিৰ সভাপতি আলহাজ তাজ উদ্দিন আলীৰ পৌৰুহিত্যত অনুষ্ঠিত হয় ড্ৰাগছ বিৰোধী সজাগতা সভা ৷ ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিৰ সম্পাদক আব্দুল কৰিম লষ্কৰে আঁত ধৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে প্ৰচাৰ সম্পাদক ছাইদুল ইছলামে ৷
সভাখনত নিজৰ সাৰগৰ্ভ ভাষণ প্ৰসংগত ডিফু মছজিদ কমিটিৰ সাধাৰণ সম্পাদক মজাহাৰুল ইছলামে কয়যে, এখন ঘৰ, পৰিয়াল আৰু সমাজ চলাবলৈ সকলোৱে দায়বদ্ধ হব লাগিব ৷ ল’ৰা-ছোৱালীক উচিৎ শিক্ষাৰে শিক্ষিত কৰিব লাগিব ৷ ড্ৰাগছৰ দৰে ব্যৱসায়ত লিপ্ত হৈ সহজ উপাৰ্জনৰ পথ অৱলম্বন কৰিলে সন্তান আদিৰ লগতে নিজকে ধ্বংসৰ মাজলৈ ঠেলি নিয়াৰ দৰে হব ৷ শিশু সকল হৈছে মানৱ সম্পদ, তথা সমাজৰ ভৱিষ্যত ৷ এই মানৱ সম্পদে ভৱিষ্যতৰ একো একোজন দক্ষ কৃষক, চিকিৎসক, অভিযন্তা, শিক্ষক আৰু খেলুৱৈ আদি হৈ সমাজলৈ সেৱা আগবঢ়াব বুলি কয় ৷
আনহাতে ডিফু কবৰস্থান সমিতিৰ সভাপতি নুৰুল ইছলামে নিজৰ-সতি সন্তনিক ইছলামিক শান্তিৰ পথ অৱলম্বন কৰি হালাল -হাৰাম বুজিলৈ চলিবলৈ উদ্বুদ্ধ কৰিলে সতি-সন্তানে সকলো ধৰণৰ বেয়া কামৰ পৰা আঁতৰি থাকিব বুলি কয় ৷ ইয়াৰোপৰি ডিফু মছজিদ কমিটিৰ সহকাৰী সম্পাদক ৰাজিব উদ্দিন আহমেদ, ইছলামিক সমাজ সংস্কাৰক সমিতিৰ সভাপতি ফকৰ উদ্দিন লষ্কৰ ৰংনিহান পথাৰ ভিডিপিৰ সভাপতি , সম্পাদক ক্ৰমে, প্ৰজেশ টকবী, নুৰুল আমিন, ইছলামিক সমাজ সংস্কাৰক সমিতিৰ উপসভাপতি কপিল হুছেইনেও মূল্যৱান ভাষণ প্ৰদান কৰি নৱ প্ৰজন্মক মাৰাত্মক ড্ৰাগছৰ পৰা ৰক্ষা কৰিবলৈ ঐক্যৱদ্ধ ভাবে যুঁজ দিবলৈ আহ্বান জনায় ৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সমাজকৰ্মী চাবোন আলীয়ে ৷













