ASSAM TIMES POST
ডিফু : জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত দল-সংগঠন ক্ষোভত ফাটি পৰাৰ সময়ত আজি বিঙিন্ন সংগঠনৰ জৰিয়তে দিয়া বন্ধ পাৰ হোৱাৰ পিছত পুণৰ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে মঙলবাৰে বিভিন্ন সংগঠন আৰু নেছ’ই আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধলৈ পূৰ্ণ সমৰ্থন জনাইছে ডিমাছা ছাত্ৰ সন্থা, ডিমাছা উইমেন ছ’চাইটি আৰু ডিমাছা মাদাৰচ এছ’চিয়েছনে ৷
আজি ডিমা হাছাও জিলাৰ হাফলঙত এক সংবাদমেলৰ আয়োজন কৰি এই কথা ঘোষণা কৰে সংগঠন কেইটাৰ নেতৃ বৰ্গই ৷ মঙলবাৰে ১০ ডিচেম্বৰত ১২ ঘণ্টীয়া বন্ধলৈ সংগঠনটোৰ পূৰ্ণ সমৰ্থন আছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে সংগঠনকেইটাৰ নেতৃবৰ্গই ৷