![]()
কেৱল থৌবাল আৰু কংগপকপি জিলাৰ সীমান্তৰ নংপক ছেকমাই থানাৰ সমীপতে নহয়, মণিপুৰৰ (Manipur) ৰাজধানী ইম্ফলতো যোৱা ৪ মেʼত সংঘটিত হৈছিল আন এক অবৰ্ণনীয় নিৰ্যাতনৰ ঘটনা। দুগৰাকী মহিলাক সেইদিনা দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা কৰা বুলি অভিযোগ (Two women killed after gang rape in Imphal) উত্থাপন হৈছে। থৌবালৰ দৰেই এই গোচৰৰ ভুক্তভোগীসকলেও জনজাতি সম্প্ৰদায়ৰ বুলি দাবী কৰা হৈছে।
থৌবাল জিলাৰ দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি পথত ঘূৰোৱাৰ কাণ্ড আৰু দলবদ্ধ ধৰ্ষণৰ অভিযোগৰ ২৬ ছেকেণ্ডৰ ভিডিঅʼৰ সৈতে জড়িত চাৰিজন অভিযুক্তক এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আনহাতে, ইম্ফল গোচৰৰ ৫ অভিযুক্তক শনিবাৰে পুৱালৈকে গ্ৰেপ্তাৰ (Five accused arrested in Imphal case) কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত এজন ১৯ বছৰীয়া যুৱকো আছে। আৰক্ষীৰ মতে, মহিলা দুগৰাকীক কৰ্মস্থলীৰ পৰা টানি টানি ৰাজপথলৈ লৈ গৈ দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা কৰা হয়।
উল্লেখযোগ্য যে যোৱা ৩ মেʼত জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰ’ৰ (All Tribal Students’ Union of Manipur) (আটছুম) কাৰ্যসূচীক কেন্দ্ৰ কৰি মণিপুৰত অশান্তিৰ সৃষ্টি হয়। সেইদিনা ৰাতিৰ পৰাই বিভিন্ন অঞ্চলত সংখ্যাগৰিষ্ঠ মেইটেই আৰু জনজাতীয় গোটৰ কুকি আৰু জোৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। অভিযোগ কৰা হৈছে যে দুয়োটা সম্প্ৰদায়ৰ বহু মহিলা নিৰ্যাতনৰ বলি হৈছে।













