ASSAM TIMES POST
হাতে হাতে প্লেকাৰ্ড বেনাৰ, ফেষ্টুন আদি লৈ সৰ্বা,
হিমন্ত, কেশৱ, অতুল কুলাঙ্গাৰ ধ্বনিৰে উত্তাল প্ৰতিবাদ
ছাইদুল ইছলাম, ডিফুঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মঙলবাৰে ডিফুৰ ৰাজপথত ‘বজ্ৰকল্প কাৰ্যসূচী আৰু সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ কৰে অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ ছাত্ৰ সমাজে ৷

‘হেৰ’ অসমীয়া তই কৰিব লাগিব অগ্নিস্নান, শ্বহীদৰ তেজেৰে অগ্নিস্নান কৰি ৰাখিব লাগিব আই অসমীৰ মান’ শীৰ্ষক বিদ্ৰুোহী কবিতাৰ ছন্দ আওৰাই প্ৰতিবাদ কাৰী সকলে হাতে হাতে প্লেকাৰ্ড বেনাৰ, ফেষ্টুন আদি লৈ সৰ্বা, হিমন্ত, কেশৱ, অতুল কুলাঙ্গাৰ, বাংলাদেশী গ’ বেক, বিজেপি মুৰ্দাবাদ, নৰেন্দ্ৰমোদী হায় হায়, কেব আমি নামানো আদি ধ্বনিৰে ডিফুৰ আকাশ বতাহ কঁপাই তোলে, প্ৰতিবাদ কাৰ্যসূচীৰ নেতৃত্ব বহন কৰা ইউনিভাৰচিটি ছাত্ৰ সমাজৰ নেতা সকলে মুখ্যমন্ত্ৰীয়ে ছাত্ৰসমাজক আন্দোলন মুখী নহৈ কৰ্ম সংস্কৃতিৰ প্ৰতি আকৃষ্ট হব লগীয়া দিয়া পৰামৰ্শ কেবৰ সিদ্ধান্ত বাতিল অবিহনে অমূলক বুলি কয়৷
যিহেতু বিদেশী সংস্থাপনৰ ফলত কৃষি ভিত্তিত বিশ্বাসী অসমৰ মাটি কালি হ্ৰাস পাব ফলত কৰ্ম সংস্কৃতি হেৰাই যাব ৷ লগতে নেতা সকলে ইয়াকো কয়যে, অসম খন কাৰো পৈতৃক সম্পত্তি নহয় যে কোনোবাই অসমৰ হিতৰ বিপৰীতে সিদ্ধান্ত লৈ অসমত জাতিধ্বংসী বিধেয়ক খন জাপি দিব ৷ কেবকলৈ চৰকাৰৰ সিদ্ধান্ত সলনি নকৰিলে ছাত্ৰ সমাজে জংগী আন্দোলনত নামি পৰিব বুলি হুংকাৰ দিয়ে ৷











