ASSAM TIMES POST
ডিফুঃ ডিফুৰ নাতিদূৰৈৰ ধনশিৰিৰ ঘনবসতিপূৰ্ণ এলেকাৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীক মান্যতা প্ৰদান কৰি আজি ধনশিৰিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দাওজিফাঙ পানী যোগান আঁচনিটোৰ শুভ উদ্ধোধন হয় ৷

কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিৰ অনুপস্থিতিত আঁচনিটোৰ শুভ উন্মোচন কৰে ধনশিৰি পৰিষদীয় সমষ্টিৰ তথা স্থানীয় এমএচি প্ৰদীপ ডিফুছাই ৷ উদ্ধোধনী কাৰ্যসূচীত বিভাগীয় সহকাৰী অভিযন্তা গিৰিণ বৰাৰ লগতে অনান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
আঁচনিটো উদ্ধোধন কৰি দিয়া ভাষণ প্ৰসংগত স্থানীয় ইএম প্ৰদীপ ডিফুছাই কয়়ে, এই পাইপ লাইনৰ উদ্ধোধনৰ ফলত এলেকাবাসীৰ বহুদিনীয়া আশা পূৰণ হ’ল আৰু এলেকাবাসীয়ে বিশুদ্ধ খোৱাপানী পাবলৈ সক্ষম হ’ল ৷











