ASSAM TIMES POST
ডিফুঃ আজি লোকসভাত উত্থাপিত হবলগীয়া জাতিধ্বংসী বিধেয়ক হিচাপে অভিহিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ সদস্য সকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে ৷
ডিফু চহৰৰ ১ নং পুলিছ পইণ্টৰ ওচৰত পুত্তলিকাকেইটা দাহ কৰে আছুৱে ৷ প্ৰতিবাদ কাৰী সকলে ‘ কেব আমাক নালাগে, কেব আমি নামানো, এই জুই জলিছে, জ্বলিবই, সৰ্বানন্দ সোণোৱাল হায়! হায়, হিমন্ত বিশ্ব শৰ্মা হায়! হায়, বিজেপি গ’ বেক, আছু লং লীভ ‘ আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ পিছত ডিফু আৰক্ষীয়ে প্ৰতিবাদকাৰী আছুৰ সদস্যসকলক আটক কৰি ডিফু থানালৈ লৈ যায় ৷











