ASSAM TIMES POST
অৰূপ ডেকাঃ কেব বিৰোধী আন্দোলনৰ দাবানলৰ শক্তিত ক্ৰমে দিশহাৰা হৈ পৰা ৰাজ্য চৰকাৰে গাদী ৰক্ষাৰ স্বাৰ্থত শিল্পীকো লক্ষ্য কৰি লোৱা কাৰ্যক তীব্ৰ গৰিহণা দিছে ৰাজ্যবাসীয়ে।
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ৰাজ্যৰ জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গে ১৯৭১ চনৰ পিছত স্বয়ং ভগৱান আহিলেও থাকিবলৈ নিদিয়াৰ কথা কৈছিল৷ লগতে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক প্ৰত্যাহ্বান জনাইছিল। শিল্পীজনৰ জনপ্ৰিয়তা আৰু গণভিত্তিৰ ওচৰত সেও মনা চৰকাৰখনে হাতত লৈছে আন এক কৌশল।
সেই অনুসৰি ডিব্ৰুগড়ত আজি জুবিন গাৰ্গৰ এক অনুষ্ঠান স্থানীয় প্ৰশাসনে আয়োজন কৰাত বাধা প্ৰদান কৰে।চৰকাৰৰ এনে কাৰ্যক বিভিন্ন দল-সংগঠনে কঠোৰ ভাষাৰে গৰিহণা দিছে। চৰকাৰে প্ৰতিবাদী কাৰ্যসূচীত লাউড স্পীকাৰ ব্যৱহাৰৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসনৰ অনুমতি অবিহনে বাধা আৰোপ কৰিছে। আনহাতে চৰকাৰৰ এনে দমনমূলক নীতিক অসমবাসীয়ে তিল মাত্ৰও কেৰেপ নকৰে বুলি প্ৰতিবাদী জনগণে স্পষ্ট কৰি দিয়ে।