দুটা ভিন্নধৰ্মী যুগলে একেলগে বাস কৰিছিল। কিন্তু পাৰিবাৰিক আৰু সামাজিক বাধা আহে। আনকি যুৱকজনৰ বিৰুদ্ধে ছোৱালীজনীৰ পৰিয়ালে এজাহাৰ দাখিল কৰে। দুয়োজনে সুৰক্ষা বিচাৰি আদালতৰ কাষ চাপে। কিন্তু এলাহাবাদ উচ্চ ন্যায়ালয়ে (Allahabad High Court) এই গোচৰত হস্তক্ষেপ কৰিব বিচৰা নাছিল। আদালতৰ পৰ্যবেক্ষণ, উচ্চতম ন্যায়ালয়ে লিভ-ইন সম্পৰ্কক উৎসাহিত নকৰে।

যুৱক মুছলমান, যুৱতীগৰাকী হিন্দু। আদালতত দাবী কৰে যে তেওঁলোকে দীৰ্ঘদিনীয়া সম্পৰ্কৰ অন্তত একেলগে থাকিবলৈ সিদ্ধান্ত (Live in together) লৈছিল। কিন্তু তেওঁলোকৰ ধৰ্ম বেলেগ হোৱাৰ বাবে বহু বাধাৰ সৃষ্টি (Creating obstacles for religion different) হয়। আদালতৰ পৰা যিকোনো আদেশ আৰু সুৰক্ষাৰ বাবে আবেদন কৰে তেওঁলোকে। এই গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ সংগীতা চন্দ্ৰ আৰু ন্যায়াধীশ নৰেন্দ্ৰ কুমাৰ জোহৰীৰ সংমণ্ডল বিচাৰপীঠে।
আদালতে পৰ্যবেক্ষণ কৰে যে দেশৰ আইন সদায় বিবাহৰ অনুকূল। উচ্চতম ন্যায়ালয়েও লিভ-ইন সম্পৰ্কক উৎসাহিত নকৰে। লগতে লিভ-ইন সম্পৰ্কক ‘নিৰাপদ’ ৰখাৰ কোনো নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ পৰাও দিয়া হোৱা নাছিল। গতিকে সংশ্লিষ্ট গোচৰটোত আদালতৰ কোনো সম্পৰ্ক নাই।
উচ্চ ন্যায়ালয়ে জানিব পাৰিছে যে দম্পতীহালৰ মাজৰ সম্পৰ্কত ছোৱালীজনীৰ পৰিয়াল ৰাজী নহয়। ছোৱালীৰ মাতৃয়ে যুৱকজনৰ বিৰুদ্ধে থানাত এফআইআৰ দাখিল কৰে। আনহাতে, দম্পতীহালে দুয়োজনেই প্ৰাপ্তবয়স্ক বুলি দাবী কৰে। এজনৰ বয়স ৩০ বছৰ আৰু আনজনৰ বয়স ২৯ বছৰ। একেলগে থকাৰ সিদ্ধান্ত তেওঁলোকৰ নিজৰ। কিন্তু তথাপিও আৰক্ষীয়ে তেওঁলোকক হাৰাশাস্তি কৰি আছে।
দুয়োপক্ষৰ অধিবক্তাৰ যুক্তি শুনি আদালতে মন্তব্য কৰে যে বিবাদীসকলে তেওঁলোক বিবাহিত বুলি দাবী কৰা নাই। বৈবাহিক সম্পৰ্ক ৰক্ষাৰ বাবে তেওঁলোকে আবেদন কৰা নাছিল। তেওঁলোকে দাবী কৰিছে যে প্ৰাপ্তবয়স্ক হিচাপে তেওঁলোকৰ নিজৰ পছন্দৰ মানুহৰ লগত থকাৰ অধিকাৰ আছে। কিন্তু এই সন্দৰ্ভত দেশৰ শীৰ্ষ আদালতৰ কোনো নিৰ্দিষ্ট নিৰ্দেশ নাই। ইয়াৰ পিছত আদালতে মন্তব্য কৰে, “তদুপৰি মুছলমান ধৰ্মত বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক, চুম্বন, শাৰীৰিক স্পৰ্শ নিষিদ্ধ। বিয়াৰ আগতে এই কাম কৰাটো ইছলামত ‘হাৰাম’ (নিষিদ্ধ)। কোৰআনত এই কথা উল্লেখ আছে।”