ASSAM TIMES POST
ডিফুঃ অসমৰ দল-সংগঠন, জনতাৰ বহু আবেদন, নিবেদন বিক্ষোভৰ মাজতো বহু বিতৰ্কিত অসমীয়া জাতিধ্বংসী বিধেয়ক ৰূপে অভিহিত বিধেয়ক খন কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পিছত ক্ষোভত ফাটি পৰিছে অসমৰ দল-সংগঠন৷ ইয়াৰ মাজতে কাৰবি আংলং জিলা কংগ্ৰেছে ৭ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰি বিধেয়ক খনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

আজি ৮ বজাৰ পৰা বিয়লি ৩ বজালৈ জিলা খনৰ ১১ টা খণ্ড উন্নয়ণ এলেকাৰ প্ৰতিটোতে দলটোৰ নেতা-কৰ্মী সকলে অনশণ কাৰ্যসূচী পালন কৰি বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ কাৰবি আংলঙ জিলা কংগ্ৰেছৰ সভাপতি খৰছিং ইংতিয়ে হাওৰাঘাটত দলীয় কৰ্মী-সমৰ্থক সকলৰ সৈতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বিপৰীতে কাৰ্যকৰী সভাপতি অশোক তেৰণে দলটোৰ ভালেসংখ্যক নেতা কৰ্মীক লৈ ডিফুৰ ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কত অনশণ কাৰ্যসূচী পালন কৰে৷ জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি অশোক টেৰণে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে, ষষ্ঠ অনুসূচীত এলেকাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰভাৱ নপৰা বুলি প্ৰদান কৰা বিজেপিৰ আশ্বাস ললীপপ সদৃশ৷
ইয়াৰ যুক্তিত নেতা গৰাকীয়ে কয় যে, এবাৰ ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰাৰ পিছত ব্যক্তিজনে ভাৰতৰ যিকোনো ঠাইত বসবাস কৰিব পাৰিব ৷ ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পৰা কোনো লোকে ভাৰতৰ যিকোনো ঠাইত বসবাস কৰিব নোৱাৰিব বুলি ভাৰতীয় সংবিধানৰ ক’তো লিখা নাই৷ প্ৰকৃততে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী শক্তি সমূহৰ মাজত বিভাজনৰ সৃষ্টি কৰি আন্দোলনৰ চোক কমোৱাৰ চৰকাৰৰ ষড়যন্ত্ৰ বুলি কয় অশোক টেৰণে৷ এনে কাৰণতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক ক’লা পতাকা প্ৰদৰ্শন কৰি গ’ বেক ধ্বনি দিয়া বুলি টেৰণে কয়৷
আনহাতে কাৰবি আংলং বিজেপিয়ে দিল্লীত এটা কথা কয় আৰু ঘুৰি আহি আনএটা কথা কয় বুলিও টেৰণে কয়৷ অগপয়ো একে নীতি গ্ৰহণ কৰা বুলি মন্তব্য কৰি কংগ্ৰেছ নেতা গৰাকীয়ে কাৰবি আংলং জিলা কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি নলয় বুলি দৃঢ় মত পোষণ কৰে৷ এই ক্ষেত্ৰত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ভূমিকাকো কঠোৰ সমালোচনা কৰি টেৰণে কয় যে পৰিষদে কাৰবি আংলঙত ‘কেব’ নালাগে বুলি অনুৰোধ জনাইছে যদিও ‘কেব’ কাৰ্যকৰী হোৱাৰ পূৰ্বেই এলেকাটোত ইনাৰ লাইন পাৰ্মিটৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে৷











