কৰমণ্ডল দুৰ্ঘটনাৰ (Coromandal accident) তদন্তত এক নতুন টুইষ্ট। বালাশ্বৰৰ ছোৰো ছেকচনৰ কনিষ্ঠ ৰেʼল অভিযন্তাৰ (Junior railway engineer in Balleshwar’s Soro section) ঘৰ ছীল কৰিলে চিবিআয়ে (Home sealed CBI)। অভিযন্তাজন আৰু তেওঁৰ পৰিয়াল বালাশ্বৰৰ এটা ভাড়াঘৰত বাস কৰিছিল। কৰমণ্ডল দুৰ্ঘটনাৰ পিছৰ পৰা তেওঁলোকৰ সন্ধান নাই।
কনিষ্ঠ ৰে’ল অভিযন্তাৰ নাম আমিৰ খান। ছোৰো ছেকচনত ছিগনেল কণ্ট্ৰোলৰ কামৰ সৈতে তেওঁ জড়িত আছিল বুলি জানিব পৰা গৈছে। সোমবাৰে চিবিআইৰ চোৰাংচোৱাই তেওঁক বিচাৰি গৈছিল তেওঁৰ ঘৰলৈ। কিন্তু ঘৰত তলা লগোৱা আছিল। ফলত চিবিআয়ে ঘৰটো ছীল কৰি দিয়ে। সূত্ৰ অনুসৰি, তেওঁলোকে ঘৰটোৰ ওপৰত বিশেষ দৃষ্টি ৰাখিছে।
কৰমণ্ডল দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব লোৱাৰ পিছত চিবিআয়ে কেইবাজনো ৰেʼল কৰ্মচাৰীক জেৰা কৰে। তেনে সময়ত এই কনিষ্ঠ অভিযন্তাজনকো এবাৰ মাতি আনি সোধা-পোছা কৰা হৈছিল। অৱশ্যে তেওঁক কʼলৈ মাতিছিল, সেই বিষয়ে জনোৱা হোৱা নাছিল। প্ৰথম জেৰাৰ পিছত তেওঁক আৰু দেখা পোৱা নগ’ল।
১৬ জুনত চিবিআইৰ তদন্তকাৰী দলটোৱে বালাশ্বৰ এৰি গুচি যায়। ইয়াৰ পিছত সোমবাৰে হঠাৎ বালাশ্বৰলৈ আহে তেওঁলোক। তেতিয়াই কনিষ্ঠ অভিযন্তাজনৰ ঘৰটো ছীল কৰি দিয়া হয়। এই যুৱকজনক বিচাৰি চিবিআই পুনৰ আহিছিল বুলি ধাৰণা কৰা হৈছে। তেওঁক বিচাৰি নোপোৱাত ঘৰটো ছীল কৰি দিয়া হয়।
ইয়াৰ পিছতে চিবিআইৰ দলটো বাহানগা বজাৰৰ ষ্টেচন মাষ্টৰৰ ঘৰলৈ যায়। খবৰ অনুসৰি, তেওঁকো এই দুৰ্ঘটনা সন্দৰ্ভত সোধা-পোছা কৰা হৈছে।
উল্লেখযোগ্য যে ২ জুনত ওড়িশাৰ বাহানগা বজাৰ ষ্টেচনৰ সমীপত আপ কৰমণ্ডল এক্সপ্ৰেছ, ডাউন বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ আৰু এখন মালবাহী ৰেʼল দুৰ্ঘটনাৰ সন্মুখীন হয়। তীব্ৰ বেগেৰে গৈ থাকোঁতে হঠাৎ লুপ লাইনত প্ৰৱেশ কৰি কৰমণ্ডল এক্সপ্ৰেছে মালগাড়ীত খুন্দা মাৰি বাগৰি পৰে। কৰমণ্ডলৰ ইঞ্জিনটো মালগাড়ীৰ এটা ডবাৰ ওপৰত উঠি যায়। এই ঘটনাত ২৯১ জন লোকৰ মৃত্যু হয়। আহতসকলৰ সংখ্যা হাজাৰৰো অধিক।
প্ৰথম অৱস্থাত ছিগনেলৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছিল। কিন্তু পিছত ৰে’লৱেই জনায় যে এই ক্ষেত্ৰত অন্তৰ্ঘাতৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। স্বয়ং ৰেʼল মন্ত্ৰীয়ে চিবিআইৰ তদন্তৰ পৰামৰ্শ দিয়ে।